/asomiyapratidin/media/media_files/2025/12/01/ap-web-3-4-2025-12-01-10-09-51.jpg)
ডিজিটেল ডেস্কঃ অসমৰ বাবে সুখবৰ। ভাৰতীয় ১৭ বছৰ অনুৰ্ধ ফুটবল দলত ৩ জন অসমীয়া। ২০২৬ ত অনুষ্ঠিত হবলগা এ এফ চি ১৭ বছৰ অনুৰ্ধ এছিয়ান কাপত প্ৰতিনিধিত্ব কৰিব এই ৩ গৰাকী অসমীয়া খেলুৱৈয়ে ভাৰতীয় ফুটবল দলটোক।
এছিয়াৰ অন্যতম শক্তিশালী ইৰাণৰ ফুটবল দলক পৰাস্ত কৰি এই প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইৰাণত ২-১ গ'লত পৰাস্ত কৰিলে ভাৰতে। তাৰ পূৰ্বে চাইনিজ টাইপেক ৩-১ গ'লত পৰাস্ত কৰিছিল ভাৰতীয় দলে।
দলটোত আছে ৰেহান আহমেদ আৰু মানৱজ্যোতি বৰুৱা। দলটোৰ সহকাৰী প্ৰশিক্ষক হিচাবে আছে অসমৰ শুভম ৰাভা। ২০২৬ ৰ এ এফ চি ১৭ বছৰ অনুৰ্ধৰ এছিয়ান কাপ অনুষ্ঠিত হ'ব চৌদি আৰৱত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us