গোগামুখৰ অভিলেখঃ এম বি বি এছ পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত ২৮ জন

সদ্য ঘোষিত নীট পৰীক্ষাৰ ফলাফলত ধেমাজিৰ গোগামুখলৈ ২৮ জন কীৰ্তিমানে গৌৰৱ কঢ়িয়ালে৷ গোগামুখৰ ২৮ জন মেধাৱী ছাত্ৰ-ছাত্ৰী এইবাৰ নিৰ্বাচিত হৈছে এম বি বি এছ পাঠ্যক্ৰমৰ বাবে৷ 

author-image
Tushar Pratim
New Update
গোগামুখৰ অভিলেখঃ এম বি বি এছ পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত ২৮ জন

ডিজিটেল সংবাদ লখিমপুৰঃ সদ্য ঘোষিত নীট পৰীক্ষাৰ ফলাফলত ধেমাজিৰ গোগামুখলৈ ২৮ জন কীৰ্তিমানে গৌৰৱ কঢ়িয়ালে৷ গোগামুখৰ ২৮ জন মেধাৱী ছাত্ৰ-ছাত্ৰী এইবাৰ নিৰ্বাচিত হৈছে এম বি বি এছ পাঠ্যক্ৰমৰ বাবে৷ 

Advertisment

একে স্থানৰ ২৮ গৰাকী ছাত্ৰ-ছাত্ৰী সৰ্বভাৰতীয় নীট পৰীক্ষাত সুখ্যাতিৰে উজ্বলি উঠাত গোগামুখত আনন্দৰ বন্যা বয়৷ ৰাজ্যৰ ভিতৰতে একে স্থানৰ পৰা চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে ২৮ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হোৱাত এক অভিলেখেই নহয় পিছপৰা অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰৰ গৰিমা বৃদ্ধি কৰিছে। 

অৱশ্যে স্বাক্ষৰতাৰ হাৰেই হওক বা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰতেই হওক ধেমাজি প্ৰথম স্থানত থাকে। এইবাৰ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অভিলেখ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে যোগ্যতা অৰ্জন কৰি ধেমাজিলৈ আন এক গৌৰৱ কঢ়িয়ালে৷

গোগামুখৰ অভিলেখঃ এম বি বি এছ পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত ২৮ জন

মংগলবাৰে নীটত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক গোগামুখৰ ৰিভলিউচন একাডেমীত ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ যুৱ নেতা শৰৎ চুতীয়াই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত গোগামুখৰ ৰাজহ চক্ৰ বিষয়া, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ ঝা, সমাজ সেৱক ৰাজেন শইকীয়া, পশু চিকিৎসা বিষয়া অনিল দলে আৰু বিজেপি নেতা দিলীপ পেগু,সাংবাদিক বুবুল হাজৰিকা আদি উপস্থিত থাকে৷ৰিভলিউচন একাডেমিৰ ৮ গৰাকী ছাত্ৰছাত্ৰীৰ লগতে আন ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে৷

ৰিভলিউচন একাডেমিৰ সঞ্চালক শশীন্দ্ৰ দলেয়ে দুগৰাকী আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হোৱা ছাত্ৰীক এম বি বি এছত নাম ভৰ্তিৰ বাবে নগদ ২০ হাজাৰ টকাকৈ সাহাৰ্য আগবঢ়ায়৷ অতিথিসকলে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যত দিনত সুদক্ষ চিকিৎসক হিচাবে প্ৰত্যেকেই পৰিচয় দিব লাগিব বুলি আশা ব্যক্ত কৰে৷

নীট পৰীক্ষা এম বি বি এছ