কৰ্তব্য পথত ইতিহাস ৰচিব ২৬ বছৰীয়া এগৰাকী যুৱতীয়ে

২০২৬ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড পূৰ্বতকৈ কিছু ব্যতিক্ৰম হ’ব। এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ব দেশবাসী।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-23 at 10.09.55 AM

ডিজিটেল ডেস্কঃ সমাগত গণৰাজ্য দিৱস। গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে প্রস্তুতি অব্যাহত ৰাখিছে। ৰাজধানী দিল্লীৰ কৰ্তব্য পথত পেৰেডৰ বাবে ভাৰতীয় সেনা বাহিনী আৰু আৰক্ষী বাহিনীয়ে ইতিমধ্যে অনুশীলন তুংগত কৰি তুলিছে। গণতন্ত্ৰ দিৱস উপলক্ষে প্ৰতিবছৰেই কৰ্তব্য পথত অনুষ্ঠিত হয় পেৰেড। এই পেৰেডত ভাৰতৰ শৌৰ্য-বীৰ্য, শক্তিৰ লগতে দেশৰ বৈচিত্ৰময় সংস্কৃতিৰ আভাসো প্ৰদৰ্শন কৰা হয়। ইপিনে ২০২৬ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড পূৰ্বতকৈ কিছু ব্যতিক্ৰম হ’ব। এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ব দেশবাসী।

WhatsApp Image 2026-01-23 at 10.04.58 AM

অহা ২৬ জানুৱাৰী গণৰাজ্য দিৱসত কৰ্তব্য পথত পুৰুষ চিআৰপিএফ ইউনিট দলটোক পেৰেডত নেতৃত্ব দিব এইগৰাকী যুৱতীয়ে। ছিমৰণ বালা হৈছে প্ৰথমগৰাকী মহিলা যিয়ে চিএপিএফ ইউনিট দলক প্ৰথমবাৰৰ বাবে নেতৃত্ব দিব। ইপিনে ১৪০ জনৰো অধিক পুৰুষ জোৱানৰ পেৰেডৰ নেতৃত্ব দিব ২৬ বছৰীয়া ছিমৰণ বালাই। 

উল্লেখ্য যে, নৌছেৰা ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ এখন গাঁৱত জন্ম হৈছিল ছিমৰণ বালাৰ। বাৰম্বাৰ পাকিস্তানী আক্ৰমণৰ লক্ষ্য হৈছে এই নৌচেৰা ছেক্টৰ। তেনে এক অঞ্চলৰ এখন গাঁৱত থাকি দেশ ৰক্ষাৰ সপোন দেখিছিল ছিমৰণে। কলেজত পঢ়ি থাকোতেই অৱৰ্তীণ হৈছিল এই পি এছ চি পৰীক্ষাত। ২০২৩ চনত প্ৰথম চেষ্টাতেই চিএপিএফ পৰীক্ষাত উৰ্ত্তীণ হয়। তাৰ পাছত ১৫১ জনৰ ভিতৰত ৮২ ৰেংকত আছিল ছিমৰণ। সেই বছৰ জম্মু-কাশ্মীৰৰ পৰা একমাত্ৰ ছিমৰণে সেই পৰীক্ষাত উৰ্ত্তীণ হৈছিল। বৰ্তমান ছিমৰণ চি আৰ পি এফৰ এছিছটেন্ট কমাণ্ডেন্ট।এই নেতৃত্ব ল'বলৈ সুযোগ লাভ কৰা বাবে যথেষ্ট আনন্দিত হৈ পৰিছে ছিমৰণ। 

WhatsApp Image 2026-01-23 at 10.05.08 AM

কৰ্তব্য পথ