নাৰীৰ বুদ্ধি! ইলেক্টিক কেটলীৰ ভিতৰত ওলাল ১কোটি টকাৰ ড্ৰাগছ...

নাৰীৰ বুদ্ধি! ইলেক্টিক কেটলীৰ ভিতৰত ওলাল ১কোটি টকাৰ ড্ৰাগছ...

author-image
Asomiya Pratidin
New Update
নাৰীৰ বুদ্ধি! ইলেক্টিক কেটলীৰ ভিতৰত ওলাল  ১কোটি টকাৰ ড্ৰাগছ...

ডিজিটেল ডেস্কঃ অতি বুদ্ধি গলাই ফাঁচি বুলি অসমীয়াত এষাৰ কথা আছে। এনে ঘটনাই সংঘটিত হ'ল বাংগালুৰুত। এগৰাকী মহিলাই অতিপাত চতুৰালি কৰিও ধৰা পৰিল আৰক্ষীৰ হাতত।

Advertisment

ঘটনাতো ১৯জুনৰ। বাংগালুৰুত এগৰাকী মহিলাক গ্ৰেপ্তা কৰে ৰেল আৰক্ষীয়ে। মহিলাগৰাকী পশ্চিম বংগ বুলি জানিব পৰা গৈছে। এই চতুৰ মহিলাগৰাকীয়ে নিজৰ বেগত এটা ইলেক্টিক কেটলিৰ ভিৰত লুকুৱাই আনিছিল প্ৰায় ১কোটি টকাৰ ড্ৰাগছ।

ৰেল আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি মহিলাগৰাকীক প্ৰথমে আটক কৰিছিল। প্ৰথম পৰ্যায়ত তালাচী চলাই একো সামগ্ৰী উদ্ধাৰ কৰিব পৰা নাছিল আৰক্ষীয়ে। কিন্তু একেবাৰে শেষত বেগৰ ভিতৰত থকা ইলেক্টিক কেটলিটোৰ ভিতৰত চাওতে ওলাল এই ড্ৰাগছ খিনি।

মহিলাগৰাকীৰ বেগত উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ মূল্য বিদেশৰ বজাৰ অতি বেছি। ভাৰতীয় বজাৰত এই ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৫০লাখ যদিও বিদেশৰ বজাৰত ইয়াৰ মূল্য ১কোটিৰ তলত নহব।

ৰেল আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰু সোধাপোচা অব্যাহত ৰাখিছে। মাত্ৰ ২৬বছৰীয়া এই মহিলাগৰাকীৰ সৈতে এটা বৃহত দল জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিনৰ পূৰ্বে এগৰাকী লোকৰ বেগত এটা প্ৰেছাৰ কুকাৰত উদ্ধাৰ হৈছিল বিশাল পৰিমাণৰ ড্ৰাগছ।

বাংগালুৰু