ছত্তিশগড়ত ২৬ জনকৈ মাওবাদীৰ আত্মসমৰ্পণঃ ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান...

আত্মসমৰ্পণ কৰা প্ৰতিগৰাকী সদস্যক তাৎক্ষণিকভাৱে ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ইয়াৰ উপৰিও চৰকাৰী নীতি অনুসৰি তেওঁলোকক ভৱিষ্যতে সংস্থাপন আৰু সুৰক্ষাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হ’ব

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ছত্তিশগড়ৰ মাওবাদী অধ্যুষিত ছুকমা জিলাত আজি নিৰাপত্তা বাহিনীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। জিলাখনৰ আৰক্ষী অধীক্ষক কিৰণ চাৱনৰ উপস্থিতিত ৭ গৰাকী মহিলাসহ মুঠ ২৬ জন নক্সালবাদীয়ে আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ উভতি আহে।

আৰক্ষীৰ মতে, চৰকাৰৰ 'পুনা মাৰ্জেম' (নতুন প্ৰভাত) নামৰ পুনৰসংস্থাপন আঁচনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই নক্সালবাদীসকলে হিংসাৰ পথ ত্যাগ কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে ছত্তিশগড় চৰকাৰৰ নমনীয় 'আত্মসমৰ্পণ আৰু পুনৰসংস্থাপন নীতি'ৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে।

আজিৰ অনুষ্ঠানত আত্মসমৰ্পণ কৰা প্ৰতিগৰাকী সদস্যক তাৎক্ষণিকভাৱে ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ইয়াৰ উপৰিও চৰকাৰী নীতি অনুসৰি তেওঁলোকক ভৱিষ্যতে সংস্থাপন আৰু সুৰক্ষাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হ’ব বুলি আৰক্ষী অধীক্ষক কিৰণ চাৱনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ছত্তিশগড়