অসমীয়া সাহিত্যৰ বাবে সুখবৰ : 'ডিজিটেলকৰণ ২.০'ৰ শুভাৰম্ভ...

অসমীয়া সাহিত্যৰ বাবে এক সুখবৰ। সময়ৰ সৈতে খোজ মিলাই অসমীয়া ভাষা আৰু সাহিত্য সংৰক্ষণৰ বাবে গ্ৰহণ কৰা হৈছে এক বিশেষ ব্যৱস্থাৰ

author-image
Asomiya Pratidin
New Update
403

ডিজিটেল ডেস্ক : অসমীয়া সাহিত্যৰ বাবে এক সুখবৰ। সময়ৰ সৈতে খোজ মিলাই অসমীয়া ভাষা আৰু সাহিত্য সংৰক্ষণৰ বাবে গ্ৰহণ কৰা হৈছে এক বিশেষ ব্যৱস্থাৰ। ছিয়াং আৰু মৌতম(১৪ সংস্কৰণ)ৰ ৰয়েল্টিৰ পুঁজি ব্যৱহাৰেৰে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে 'ডিজিটেলকৰণ ২.০' (Digitization 2.0) শীৰ্ষক প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। 

WhatsApp Image 2025-12-04 at 10.07.52 PM

উল্লেখযোগ্য যে, এই প্ৰকল্পৰ জৰিয়তে ২৬ লাখ পৃষ্ঠাৰ অসমীয়া সাহিত্যত কী -ৱৰ্ডৰ ব্যৱহাৰেৰে অনুসন্ধান কৰাৰ সুবিধা গ্ৰহণ কৰিব পৰা যাব। এই প্ৰকল্পৰ দ্বাৰা বিশেষকৈ পাঠক, গৱেষক তথা  পণ্ডিতসকল যথেষ্ট উপকৃত হ’ব। নতুনকৈ আৰম্ভ কৰা এই প্ৰকল্পটোৰ সহযোগী সংস্থা হিচাপে আছে বৰ্ণ লেবছ।

ইতিমধ্যে আজিৰ এই অনুষ্ঠানতে বৰ্ণ লেবছৰ হাতত আনুষ্ঠানিকভাৱে প্ৰকল্পটোৰ কাৰ্যভাৰ অৰ্পণ কৰা হৈছে। একেদৰে বৰ্ণ লেবছক ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰাৰ উপৰি প্ৰথম কিস্তিৰ ধনৰ চেক(৩.৭) লাখ টকা আৰু ২৬ লাখ পৃষ্ঠা থকা হাৰ্ড ডিস্ক অৰ্পণ কৰা হৈছে।

উল্লেখযোগ্য যে, বৰ্ণ লেবছক এই প্ৰকল্পটো ব’হাগ বিহু (১৪ এপ্ৰিল)ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে আহ্বান জনোৱা হৈছে। উক্ত প্ৰকল্পৰ দ্বাৰা অসমীয়া সাহিত্যত আমূল পৰিৱৰ্তন আহিব বুলি আশা কৰিছে উদ্যোক্তাসকলে।

সাহিত্য