বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ ভ্ৰমণ কৰি অভিভূত ইংলেণ্ডৰ পৰ্যটক

শেহতীয়াকৈ  ইংলেণ্ডৰ পৰা অহা ২৬ গৰাকীকৈ বৃটিছ পৰ্যটকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম দৰ্শন কৰে।

author-image
Asomiya Pratidin
New Update
FGYTULIDSD

ডিজিটেল সংবাদ, চৰাইদেউঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদামক্ষেত্ৰত দেশী বিদেশী পৰ্যটকৰ আগমন  বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ  ইংলেণ্ডৰ পৰা অহা ২৬ গৰাকীকৈ বৃটিছ পৰ্যটকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ 'চৰাইদেউ মৈদাম' দৰ্শন কৰে।

WhatsApp Image 2025-10-07 at 3.12.02 PM

৫ অক্টোবৰ দিনৰ ভাগত আহি মৈদামথলীত উপস্থিত হোৱা পৰ্যটকৰ দলটোক গাইড হিচাপে সহযোগ আগবঢ়াই স্থানীয় প্ৰশিক্ষিত যুৱক কল্যাণ বৰগোহাঁয়ে। পৰ্যটকৰ দলটোৱে ছশ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱময় স্বাক্ষৰ মৈদাম সমূহৰ গঠন আৰু ইয়াৰ ঐতিহাসিক গুৰুত্ব সম্বন্ধে জানিব পাৰি অভিভূত হৈ পৰে৷

WhatsApp Image 2025-10-07 at 3.12.02 PM (1)

পৰ্যটকসকলে কেন্দ্ৰীয় পুৰাতত্ত্ব আৰু জৰীপ বিভাগৰ অধীনত থকা মৈদাম কেইটাৰ লগতে ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ অধীনত পৃথকে পৃথকে থকা মৈদামসমূহ পৰিভ্ৰমণ কৰে৷ মনকৰিবলগীয়া এয়ে যে চৰাইদেউ মৈদামক্ষেত্ৰই ইউনেস্কৰ দ্বাৰা বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ পাছতে আন্তৰাষ্ট্ৰীয় স্তৰত বিদেশী পৰ্যটক সকলৰ বাবে এই স্থান আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ৷

চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ