খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ চৌহদত ২৫ সংখ্যক  কৃষি-উদ্যান মেলাৰ আয়োজন

অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চ ২০২৬লৈ খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত চাৰিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে "২৫ সংখ্যক  কৃষি-উদ্যান মেলা"।

author-image
Asomiya Pratidin
New Update
jhweghgewqy

ডিজিটেল সংবাদ, গুৱাহাটীঃ অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চ ২০২৬লৈ খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত চাৰিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে "২৫ সংখ্যক  কৃষি-উদ্যান মেলা"।

অসম উদ্যান সমিতিয়ে অসম চৰকাৰৰ কৃষি সঞ্চালকালয়, উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই মেলাত এইবেলি ৭৫ খন বিপণিয়ে অংশগ্ৰহণ কৰিছে। বিপণিসমূহত ৰাজ্যৰ বিভিন্ন জিলাৰ উন্নত মানদণ্ডৰ কৃষিজাত আৰু উদ্যান শস্যৰ সামগ্ৰী বিক্ৰীৰ লগতে একাংশ কৃষি-উদ্যান প্ৰযুক্তি বিষয়ক বিপণিত প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও দুয়োটা খণ্ডৰ সৈতে জড়িত চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান তথা বিভাগে এই মেলাত যোগদান কৰিছে।

WhatsApp Image 2026-02-27 at 3.47.33 PM

অসমৰ মাননীয় কৃষিমন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য বিদ্যুত চন্দ্ৰ ডেকা, কৃষি বিভাগৰ আয়ুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়াৰ পৰামৰ্শ মৰ্মে কৃষি-উদ্যান শস্য মেলা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এখন আয়োজক সমিতি গঠন কৰা হয়। এই সমিতিৰ অধ্যক্ষৰ দায়িত্বত আছে ড০ মঞ্জুৰা মোহন কলিতা  আনহাতে  আয়োজক সমিতিৰ আহ্বায়কৰ দায়িত্ব বহন কৰিছে কৈলাশ চন্দ্ৰ তালুকদাৰে। অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক-প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ কুলধৰ শইকীয়াই এই মেলাৰ উদ্বোধন কৰে।

উল্লেখ্যযোগ্য যে, অসমত প্ৰচুৰ লাভৰ সুযোগ থকা উদ্যান শস্য ক্ষেত্ৰখনৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে অসম উদ্যান সমিতিয়ে ১৯৯৫ চনত প্ৰথমবাৰৰ বাবে উদ্যান মেলাৰ আয়োজন কৰিছিল। যত মূলতঃ নাৰ্চাৰীকহে প্ৰাধান্য দিয়া হৈছিল। পৰৱৰ্তী সময়ত এই মেলাই  জনসাধাৰণৰ লগতে চৰকাৰৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলস্বৰূপে দুবাৰকৈ আন্তৰ্জাতিক উদ্যান শস্য মেলাও  সফলতাৰে অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে, প্ৰথমবাৰ উদ্যান মেলা অনুষ্ঠিত কৰা বছৰত গুৱাহাটীত প্ৰায় ৪ খনহে নাৰ্চাৰী আছিল। কিন্তু বৰ্তমান সময়ত এই সংখ্যা ২০০ ৰো অধিক। যি এই মেলা আয়োজন কৰাৰ উদ্দেশ্যে সফল কৰি তোলাৰ লগতে উদ্যান শস্য উৎপাদনৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰিছে। অৱশ্যে উদ্যান খেতি আৰু নাৰ্চাৰী উদ্যোগৰ লগতে অসমক পথাৰ শস্যৰ দিশটোত আৰু অধিক আগুৱাই নিয়াৰ প্ৰয়োজননীয়তা আছে। সেয়েহে, কৃষক তথা নৱ-প্ৰজন্মক ইয়াৰ গুৰুত্বৰ বিষয়ে সজাগ কৰি তোলাৰ বাবে এই মেলাত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণৰ চেষ্টা কৰা হৈছে।
 

WhatsApp Image 2026-02-27 at 3.47.31 PM

ইফালে, এইবাৰৰ মেলাত বিগত বছৰৰ দৰে পুষ্পসজ্জা, ৰন্ধন কলা, পাচলি, সতেজ ফুল, ফল-মূল, চাদৰ ওপৰত কৰা বাগিচা আদিৰ  প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। লগতে কৃষি-উদ্যান শস্য বিষয়ক কেইবাখনো আলোচনা চক্ৰ, প্ৰশিক্ষণ আদিয়ো  অনুষ্ঠিত কৰা হৈছে। 

এই মেলাৰ জৰিয়তে অসমৰ কৃষি-উদ্যান ক্ষেত্ৰৰ বিভিন্ন সম্পদ আৰু সুযোগৰ সৈতে জনসাধাৰণৰ লগতে নৱ-প্ৰজন্মক, বিশেষকৈ বিদ্যালয় – মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলক পৰিচিত কৰোৱাৰ এক প্ৰদক্ষেপ গ্ৰহণ কৰা হৈছে।  ইয়াৰ লগতে অসমৰ কৃষি-উদ্যান ক্ষেত্ৰখনৰ সৈতে জড়িত কৃষক-উদ্যোগীসকলক নতুন নতুন প্ৰযুক্তি তথা ব্যৱসায়িক সুযোগসমূহৰ সৈতে পৰিচয় কৰাই দিয়াৰ উপৰিও নৱ প্ৰজন্মকো অসমৰ কৃষি-উদ্যান ক্ষেত্ৰত স্বনিয়োজিত কৰি আৰ্থিকভাৱে সৱল কৰি তোলাৰ এক প্ৰয়াস  কৰা হৈছে।

মেলাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলো বিভাগ, প্ৰতিষ্ঠান আৰু ৰাইজৰ সক্ৰিয় সহযোগিতা কামনা কৰা হৈছে।  ৰাজ্যিক কৃষি-উদ্যান মেলা ২০২৬ ৰ অধিক তথ্যৰ বাবে  অসম উদ্যান সমিতিৰ সভাপতি ড০ মঞ্জুৰা মোহন কলিতা, ফোন নং- ৯৪৩৫১০২৯১০, প্ৰধান সম্পাদক  টংকেশ্বৰ শৰ্মা, ফোন নং- ৮৪৮৬৬৫১৯৪৪ আৰু আয়োজক সমিতিৰ আহ্বায়ক কৈলাশ চন্দ্ৰ তালুকদাৰ ফোন নং- ৮৬৩৮৬৪৫৬৭৯ সৈতে যোগাযোগ কৰিব পাৰিব। 

কৃষি-উদ্যান মেলা