৫ সহস্ৰাধিক ৰোগীক চিকিৎসা প্ৰদান ২৫০ গৰাকী বিশেষজ্ঞৰ...

মুখ্যমন্ত্ৰীৰ ব্যৱস্থাপনাত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত পৰ্যায়ক্ৰমে অনুষ্ঠিত স্বাস্থ্য শিৱিৰৰ অংগ হিচাপে বৃহস্পতিবাৰে লক্ষীপুৰৰ লাবক খেল পথাৰত এই মেগা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।‌  

author-image
Asomiya Pratidin
New Update
AP WEB CACHAR

ডিজিটেল সংবাদ, শিলচৰ:  এবছৰৰ পৰা ১৮ বছৰ বয়সৰ সকলো শিশুৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে কাছাৰ জিলাৰ লক্ষীপুৰ বিধান সভা সমষ্টিত এক মেগা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।

WhatsApp Image 2025-10-09 at 5.52.36 PM

মুখ্যমন্ত্ৰীৰ ব্যৱস্থাপনাত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত পৰ্যায়ক্ৰমে অনুষ্ঠিত স্বাস্থ্য শিৱিৰৰ অংগ হিচাপে বৃহস্পতিবাৰে লক্ষীপুৰৰ লাবক খেল পথাৰত এই মেগা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।‌  

স্থানীয় বিধায়ক তথা মন্ত্ৰী কৌশিক ৰায়ৰ নেতৃত্বত আয়োজন কৰা এই স্বাস্থ্য শিবিৰত প্ৰায় পাঁচ হাজাৰ ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল সহ জিলাখনৰ বিভিন্ন হাস্পতালৰ প্ৰায় ২৫০ গৰাকী বিশেষজ্ঞ চিকিৎসকে ৰোগী সকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে।

WhatsApp Image 2025-10-09 at 5.56.27 PM

শিলচৰ তথা বৰাক উপত্যকাত চিকিৎসা কৰাৰ সুবিধা নথকা জটিল ৰোগৰ ৰোগী সকলক গুৱাহাটীৰ চুপাৰ স্পেচিয়েল হাস্পতাল আৰু প্ৰয়োজন হ'লে তেনে ৰোগীক চেন্নাই, বেংগালুৰু, দিল্লী কলকাতা আদিলৈ  ৰাজ্য চৰকাৰৰ খৰচত প্ৰেৰণ কৰা হ'ব জানিবলৈ দিয়ে মন্ত্ৰী কৌশিক ৰায়ে।

কৌশিক ৰায় কাছাৰ