কোকৰাঝাৰত ২.৫ একৰ ভূমি বেদখল মুক্ত

কোকৰাঝাৰ ৰে'লৱে ষ্টেচনৰ সম্প্ৰসাৰণৰ স্বাৰ্থতে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে বিভাগে কোকৰাঝাৰ ৰে'লৱে ষ্টেচনৰ পৰিসৰৰ প্ৰায় ১০০৭৮ বৰ্গ মিটাৰ তথা প্ৰায় ২.৫ একৰ ভূমি আজি বেদখলৰ পৰা মুক্ত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ   অমৃত ভাৰত ষ্টেচন যোজনাৰ অধীনত কোকৰাঝাৰ ৰে'লৱে ষ্টেচনৰ আধুনিকীকৰণৰ কাম চলি থকাৰ সময়তে আজি কোকৰাঝাৰ ৰে'লৱে ষ্টেচনৰ পৰিসৰত উচ্ছেদ অভিযান চলোৱা হয়। কোকৰাঝাৰ ৰে'লৱে ষ্টেচনৰ সম্প্ৰসাৰণৰ স্বাৰ্থতে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে বিভাগে কোকৰাঝাৰ ৰে'লৱে ষ্টেচনৰ পৰিসৰৰ প্ৰায় ১০০৭৮ বৰ্গ মিটাৰ তথা প্ৰায় ২.৫ একৰ ভূমি আজি বেদখলৰ পৰা মুক্ত কৰে।

দণ্ডাধীশ, ৰে'লৱে আৰক্ষী আৰু অসম আৰক্ষীৰ উপস্থিতিত চলোৱা উচ্ছেদ অভিযানৰ সময়ছোৱাত কেবাটাও কংক্ৰিটৰ আৱাসগৃহ ভাঙি দিয়া হয়। অভিযানত কেবাখনো জেচিবি কোম্পানীৰ backhoe loader গাড়ী ব্যৱহাৰ কৰা হয় আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয়। 

উল্লেখ্য যে ৰে'লৱে বিভাগৰ মাটি খালি কৰি দিবলৈ ৰে'লৱে বিভাগে বেদখলকাৰীক বহুদিনৰ পৰা নটিচ জাৰি কৰি আহিছিল। 
কৰ্তব্যৰত দণ্ডাধীশ ডৰথী দেৱ ৰয়ে সদৰি কৰা মতে নেদখলকাৰীসকলক কেবাবাৰো নটিচৰ জাৰি কৰাৰ পিছতো তেওঁলোকে ৰে'লৱে বিভাগ বা জিলা প্ৰশাসনৰ সতে সহযোগ নকৰিলে ।

সেয়েহে বেদখলকাৰীয়ে ঠাই এৰি নিদিয়াত আজি জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলায় ৰে'লৱেই। উচ্ছেদ অভিযানৰ ফলত বেদখলকাৰীৰ কবলৰ পৰা ১০০৭৮ বৰ্গ মিটাৰ ভূমি উদ্ধাৰ কৰা হয় । আজিৰ উচ্ছেদ অভিযানত জিলা আৰক্ষী প্ৰশাসনৰ লগতে কেবাগৰাকী ৰে'লৱে বিষয়াও উপস্থিত আছিল। প্ৰণিধানযোগ্য যে কোকৰাঝাৰ সদৰ চহৰত কেবাগৰাকী ব্যৱসায়ীয়ে ৰে'লৱে বিভাগৰ মাটিত গৃহ নিৰ্মান কৰাৰ অভিযোগ আছে । 

কোকৰাঝাৰ