/asomiyapratidin/media/media_files/2026/02/10/84-2026-02-10-19-20-55.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজিৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান আৰ্থ-সামাজিক বিকাশ সংস্থা চমুকৈ চেড'ৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস লগতে ৰূপালী জযন্তী বৰ্ষৰ আৰম্ভণী অনুষ্ঠানটি সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে চেড'ৰ কোৱাফলাস্থিত কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। পুৱা বজাত সামূহিক চাফাইৰ পাছতে গছপুলি ৰোপন কৰে চেড'ৰ অন্যতম ন্যাসৰক্ষী বিনন্দ বাইলুঙে।
পৰিচালনা সমিতিৰ সভাপতি বেদজ্যোতি শইকীয়াই পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰে মুখ্য ন্যাসৰক্ষী নবজ্যোতি দত্তই। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা পৰিচালনা সমিতিৰ সভা আৰু যুটীয়া বৈঠকৰ পাছতেই বিয়লি ১ বজাত মুকলি সভা অনুষ্ঠিত হয়।
ধেমাজি জিলা পৰিষদৰ সভাপতি ভূপেন চুতীয়া আৰু ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলাশ হাজৰিকা উপস্থিত থকা অনুষ্ঠানৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সমাজকৰ্মী ৰুৰেল ভলোণ্টিয়াৰচ্ চিলাপথাৰ অকাজান, চেণ্টাৰৰ প্ৰতিষ্ঠাপক সঞ্চালক ৰবীন্দ্ৰনাথ ,অসম পশুপালন আৰু মৎস্যপালন বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যান বিভাগৰ উপ- সঞ্চালক ড০ সঞ্জীৱ খাৰঘৰীয়া, ৰুৰেল ভলোন্টিয়াৰ্চ চেন্টাৰ অকাজানৰ বৰ্তমানৰ সঞ্চালক লুইত গোস্বামী, ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, ধেমাজি জিলা সাংবাদিক সংস্হাৰ প্ৰাক্তন সম্পাদক জীৱন কোঁৱৰ, সাংবাদিক দ্বয় জয়ন্ত বৰা আৰু অংকুৰ নৰহ আদি বিশিষ্ট ব্যক্তি সকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/whatsapp-image-2026-02-10-19-18-20.jpeg)
চেড'ৰ সভাপতি বেদজ্যোতি শইকীয়াই সঞ্চালনা কৰা অনুষ্ঠানটিত ৰুৰেল ভলোণ্টিয়াচ চেন্টাৰ অকাজানৰ প্ৰতিষ্ঠাক সঞ্চালক ৰবীন্দ্ৰনাথে বক্তব্যত নিজৰ স্বেচ্ছাসেৱী সংগঠনৰ দীঘদিনীয়া অভিজ্ঞতাৰ সম্পৰ্কে বিস্তৃতভাৱে বৰ্ণনা কৰি কয় যে বৰ্তমান সময়ত বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উল্লেখ কৰে ৷ এনে প্ৰত্যাহ্বানৰ মাজতো চেড'য়ে যথেষ্ট ত্যাগ আৰু সততাৰে সমাজলৈ সেৱা আগবঢ়াই ২৪ টা বছৰ অতিক্ৰম কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷
সভাত অসম পশুপালন আৰু মৎস্যপালন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ উপ- সঞ্চালক ড০ সঞ্জীৱ খাৰঘৰীয়াই বক্তব্যত সমাজৰ আৰ্থসামজিক বিকাশৰ বাবে কৰণীয় কৰ্মপন্থাৰ আলোকপাত কৰি কিছুমান কৌশল অৱলম্বনৰ পৰামৰ্শ আগবঢ়ায় ৷ ৰুৰেল ভলোন্টিয়াৰ্চ চেন্টাৰ অকাজানৰ বৰ্তমানৰ সঞ্চালক লুইত গোস্বামীয়েও
বক্তব্যত বৰ্তমানে স্বেচ্ছাসেৱী সংগঠন সমূহে সততে সন্মূখীন হ'ব লগা হোৱা সমস্যা সমূহকে অৱগত কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/whatsapp-image-202-2026-02-10-19-19-12.jpeg)
চেড'ৰ কৰ্মকৰ্তা সকলৰ লগতে যথেষ্ট সংখ্যক অঞ্চলবাসী ৰাইজৰ উপস্থিতত চেড'ৰ মুখ্য ন্যাসৰক্ষী নবজ্যোতি দত্তই স্বেচ্ছাসেৱী সংগঠনটিৰ ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণীতে বৰ্ষজোৰা কাৰ্যসূচী ঘোষণা কৰি অহা ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত সামৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি ঘোষণাৰে উপস্থিত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us