৩১আগষ্টত চকা বন্ধ…

৩১আগষ্টত চকা বন্ধ…

ডিজিটেল ডেস্কঃ ৩১আগষ্টত চকা বন্ধ। ৩১আগষ্টৰ পৰা পুৱা ৫বজাৰ পৰা ১ ছেপ্তেম্বৰৰ পুৱা ৫বজালৈ এই বন্ধৰ আহ্বান কৰিছে মটৰ শ্ৰমিক যুটীয়া ফেডাৰেশ্যন চমুকৈ AAMSJFয়ে। ডিমা হাচাওত কেইটামান দিনৰ পূৰ্বে হোৱা ডি এন এল এৱে চলোৱা আক্ৰমণত ৫জনকৈ গাড়ীচালক আৰু হেণ্ডিমেন নিহত হোৱা ঘটনাৰ প্ৰতিবাদ স্বৰূপে এই বন্ধৰ আহ্বান কৰা হৈছে।

মটৰ শ্ৰমিক যুটীয়া ফেডাৰেশ্যনে দাবী কৰিছে যে, নিহত হোৱা গাড়ীচালক আৰু হেণ্ডিমেনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰক। লগতে এই সমগ্ৰ ঘটনাৰ ক্ষিপ্ৰ তদন্ত লগতে ডি এন এল এৰ ওপৰত কঠোৰ ব্যৱস্থগ্ৰহণ কৰাৰ দাবী কৰিছে। মটৰ শ্ৰমিক যুটীয়া ফেডাৰেশ্যনে দাবী কৰিছে যে, গাড়ীচালক আৰু হেণ্ডিমেনৰ পৰিয়ালক চৰকাৰে ১৫লাখকৈ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰক।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in