/asomiyapratidin/media/media_files/2025/01/18/PUJLG4aXwrv1rs0gEo9U.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ ২২সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশ্ব প্ৰিমিয়াৰৰ পাছত অসমীয়া চলচ্চিত্ৰ 'তাৰিখ' এইবাৰ নিৰ্বাচিত হৈছে ২৩সংখ্যক পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে। মহাৰাষ্ট্ৰ চৰকাৰৰ উদ্যোগত ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ পুনে চহৰত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত ‘তাৰিখ’ প্ৰদৰ্শিত হ’ব ‘ভাৰতীয় চিনেমা’ শিতানত।
ভাৰতৰ অন্যতম সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ হিচাপে পৰিচিত পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ব্যতিক্ৰমধৰ্মী চিনেমা প্ৰদৰ্শনৰ বাবে বিখ্যাত। ‘তাৰিখ’ৰ এই নিৰ্বাচন অসমৰ স্বাধীনধাৰাৰ চিত্ৰ নিৰ্মাণ (Independent Filmmaking)ৰ বাবেও এক উৎসাহৰ বতৰা। ইয়াৰ পূৰ্বে ২২সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসম তথা উত্তৰ-পূবৰ একমাত্ৰ চলচ্চিত্ৰ হিচাপে প্ৰদৰ্শিত হৈ দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।
অৰুন্ধতী শর্মা বৰুৱা আৰু ড° মুক্তিস্মান হাজৰিকাৰ দ্বাৰা প্ৰযোজিত ‘তাৰিখ'ৰ পৰিচালক হিমজ্যোতি তালুকদাৰ। ২০১৮ বৰ্ষত বহুচৰ্চিত ‘কেলেণ্ডাৰ’ চিনেমাখনৰ যোগেদি পৰিচিত হৈ পৰা হিমজ্যোতি তালুকদাৰৰ পৰিচালনাত ‘তাৰিখ’ হৈছে দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ। তাৰিখৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে বিশিষ্ট অভিনেতা অৰুণ নাথ, বলোৰাম দাস, স্বাগতা ভৰালী আৰু কুল কুলদীপে।
ছবিখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী সংগীত পৰিচালক তৰালি শৰ্মাই, শব্দ ৰূপাংকন কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী দেৱজিৎ গায়নে, সম্পাদনা উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ আৰু চিত্ৰগ্ৰহণ কৰিছে অনিৰুদ্ধ বৰুৱাই। ২০০৮ চনত ঘটা এক অপ্ৰত্যাশিত ঘটনাই স্তব্ধ কৰি দিছিল ৭০ বৰ্ষীয় দুৰ্লভ দত্তৰ সময়ৰ গতি। বৰ্তমান সময়ৰ পৰা বিচ্ছিন্ন দুৰ্লভ দত্তই জীৱনৰ বিয়লিবেলাত সাৰথি কৰি লয় নিসংগতাক।
পৃথিৱীখন আগবাঢ়ি যোৱাৰ সময়তে স্থবিৰ হৈ পৰিছিল তেখেতৰ জীৱনৰ গতি। তেনে এক সময়তে এগৰাকী সৎ তথা উদাৰ সাংবাদিকে দুৰ্লভ দত্তক মানসিক যন্ত্ৰণাৰ পৰা মুক্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে। মূলত: এগৰাকী বৰ্ষীয়াণ ব্যক্তিৰ নিসংগতা, মানসিক যন্ত্ৰণাৰ পৰা পোৱা পৰিত্ৰাণক মূল উপজীব্য হিচাপে লৈ নিৰ্মাণ কৰা হৈছে “তাৰিখ” চলচ্চিত্ৰখন।
উল্লেখযোগ্য যে এনাজৰী টকীজৰ বেনাৰত নিৰ্মিত ২০১৮ চনত মুক্তি লাভ কৰা অৰুণ নাথ আৰু মলয়া গোস্বামী অভিনীত হিমজ্যোতি তালুকদাৰৰ “কেলেণ্ডাৰ” চলচ্চিত্ৰখনে অসমকে ধৰি অসমৰ বাহিৰৰ চিত্ৰগৃহসমূহত বহুল জনপ্ৰিয়তা লাভ কৰিছিল। অসমৰ চিত্ৰগৃহত শীঘ্ৰেই মুক্তিলাভ কৰিব এই বিশেষ ছবিখনে৷