শাস্ত্ৰীয় নৃত্যৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান নৃত্যাংগনৰ ২২সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

অসমৰ আগশাৰীৰ শাস্ত্ৰীয় নৃত্যৰ শিক্ষানুষ্ঠান উপাসনাজ নৃত্যাংগনৰ ২২সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ২৭ ডিচেম্বৰ,২০২৫ত পাঞ্জাবাৰীস্থিত শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে

author-image
Asomiya Pratidin
New Update
অগ্ৰণী খবৰ

ডিজিটেল সংবাদ, গুৱাহাটী : অসমৰ আগশাৰীৰ শাস্ত্ৰীয় নৃত্যৰ শিক্ষানুষ্ঠান উপাসনাজ নৃত্যাংগনৰ ২২সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ২৭ ডিচেম্বৰ,২০২৫ত পাঞ্জাবাৰীস্থিত শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। প্ৰসিদ্ধ নৃত্যগুৰু উপাসনা মহন্ত গগৈৰ তত্ত্বাৱধানত বিগত ২২টা বছৰত এই অনুষ্ঠানটোৰ পৰা অসমে লাভ কৰিছে কেইবাগৰাকীও অতি গুণী,প্ৰতিভাধৰ নৃত্যশিল্পী।

নৃত্যাংগনৰ এই প্ৰতিষ্ঠা দিৱসত এইবেলি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পদ্মভূষণ নৃত্যাচাৰ্য যতীন গোস্বামী। লগতে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি মুকলি কৰা হ'ব উপাসনাজ নৃত্যাংগনৰ ৱেবছাইট।

এই ৱেবছাইটটো মুকলি কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে। সন্ধিয়া ৫বজাৰ পৰা আৰম্ভ হ'বলগীয়া অনুষ্ঠানটোত বিবিধ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।

এই অনুষ্ঠানলৈ প্ৰতিগৰাকী দৰ্শককে আগ্ৰহেৰে আমন্ত্ৰণ জনাইছে নৃত্যগুৰু উপাসনা মহন্ত গগৈ আৰু নৃত্যাংগন পৰিয়ালে।

গুৱাহাটী