/asomiyapratidin/media/media_files/2026/02/09/yt5eterftefedfsdcs-2026-02-09-22-16-15.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত সমজিলাৰ শৈক্ষিক ক্ষেত্ৰখনলৈ বিগত ২২ টা বছৰে এক উল্লেখযোগ্য অৱদান আগবঢ়াই অহা বোকাখাত জাতীয় বিদ্যালয়ৰ আজি ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে বিদ্যালয়খনৰ বাকৰিত অনুষ্ঠিত হয়।
প্ৰয়াস অধ্যয়ন চক্ৰৰ সভানেত্ৰী তথা বোকাখাত জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী, সাহিত্যিক পেন্সনাৰ নিজৰা বৰঠাকুৰে পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিদ্যালয়খনৰ জেষ্ঠ শিক্ষয়িত্ৰী তথা কবি, গল্পকাৰ মনালিছা শইকীয়াই বন্তি প্ৰজ্বলন কৰাৰ পাছতেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে জাতীয় বিদ্যালয়ৰ সংগীত পৰিবেশন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ অংকুৰণ,কুঁহি আৰু সোপান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা "মৌ-কোঁহ" উন্মোচন কৰে প্ৰয়াস সংগীত কলা কেন্দ্ৰৰ ৰেক্টৰ প্ৰদীপ বৰুৱাই।
ইফালে, কণমানিহঁতৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বিকুল শইকীয়াই। ইয়াৰ পিছতেই বিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰে পৰা ওতঃপ্ৰোত ভাৱে জড়িত হৈ থকা প্ৰাক্তন প্ৰধান শিক্ষক প্ৰয়াত চিদানন্দ শইকীয়া, জে ডি এছ জি মহাবিদ্যালয় ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক থানেশ্বৰ হাজৰিকা, অন্যতম প্ৰতিষ্ঠাপক আনন্দ নৰহ, কুৰুৱাবাহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্ৰাক্তন প্ৰধান শিক্ষক দূৰ্লভ শইকীয়াৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পনেৰে স্মৃতিতৰ্পন কৰে বিশিষ্ট সাহিত্যিক সুৱৰ্ণ শইকীয়া, সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰ, সংগীত শিল্পী প্ৰদীপ বৰুৱা, বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদ, সত্ৰীয়া নৃত্য গুৰু তথা দ্ৰোণাচাৰ্য বঁটা প্ৰাপক নীৰেন কাকতি আৰু কবি, সাংবাদিক পল্লৱ হাজৰিকাই।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বোকাখাতৰ সমাজীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত দুগৰাকী বিশিষ্ট ব্যক্তি বিশিষ্ট সাহিত্যিক সুবৰ্ণ শইকীয়া বৰদলৈ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী বিকুল শইকীয়াক অংগবস্ত্ৰ, মানপত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানতে বিদ্যালয়ৰ লগত জড়িত আন কেবাগৰাকীকো বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
আনহাতে, অন্যান্য কাৰ্যসূচীৰ লগতে বিদ্যালয়খনৰ অংকুৰ, কুঁহি, সোপান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা নৃত্য আৰু গীতৰ অনুষ্ঠানে প্ৰতিষ্ঠা দিৱসটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ঈপ্সিতা দত্তই আঁত ধৰা অনুষ্ঠানটোৰ অন্তত উপস্থিত সকলোৰে প্ৰতি শলাগ আৰু ধন্যবাদসূচক বক্তব্য আগবঢ়াই অধ্যক্ষা ইনজু আহমেদে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us