অষ্টম অনুসূচীৰ অধীনত লোকসভাত উপলব্ধ হ'ল ২২টা ভাষা...

ইয়াত কাশ্মীৰী, কংকনী আৰু সান্তলী ভাষাও অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আমি সংবিধানত উল্লেখ কৰা সকলো ভাষাতে অনুবাদৰ সুবিধা প্ৰদান কৰিছো বুলি উল্লেখ কৰে লোকসভাৰ অধ্যক্ষ গৰাকীয়ে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মঙলবাৰে কয় যে এতিয়াৰ পৰা সদনৰ কাৰ্য্যবিধিসংবিধানৰঅষ্টম অনুসূচীতউল্লেখ কৰা সকলো ভাষাতে অনুবাদ কৰা হ’ব।

Advertisment

লোকসভাৰ বৈঠক আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষ বিৰলাই কয় যে সদনক জনাবলৈ পাই মই অতি সুখী হৈছো যে আমি সদনত সংবিধানৰ অষ্টম অনুসূচীত উল্লেখ কৰা সকলো ভাষাতে অনুবাদৰ সুবিধা প্ৰদান কৰিছো।

তেওঁ কয় যে, এতিয়ালৈকে হিন্দী আৰু ইংৰাজীৰ বাহিৰেও ১৮টা ভাষাত সদনৰ কার্যসূচী অনুবাদ কৰা হৈছিল। অসমীয়া, বাংলা, বড়ো, ডগৰি, গুজৰাটী, কানাড়া, মৈথিলী, মালয়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উড়িয়া, পাঞ্জাবী, সংস্কৃত, সিন্ধী, তামিল, তেলেগু আৰু উৰ্দু ভাষাত।

এতিয়া ইয়াত কাশ্মীৰী, কংকনী আৰু সান্তলী ভাষাও অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আমি সংবিধানত উল্লেখ কৰা সকলো ভাষাতে অনুবাদৰ সুবিধা প্ৰদান কৰিছো বুলি উল্লেখ কৰে লোকসভাৰ অধ্যক্ষ গৰাকীয়ে ।

তেওঁ লগতে কয়, দেশৰ গণতন্ত্ৰ আৰু সংবিধানক লৈ আমি গৌৰৱ কৰা উচিত। গতিকে সদন চলোৱাত সহযোগিতা আগবঢ়াবলৈ সকলোকে অনুৰোধ জনালো। আমাৰ গণতন্ত্ৰ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ। সদন চলোৱাত আপোনালোকে সহযোগ কৰিব বুলি আশা কৰিলো।

লোকসভা ওম বিৰলা