/asomiyapratidin/media/media_files/2026/01/19/1-2026-01-19-08-41-33.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণ স্পেইনত সংঘটিত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। এই দুৰ্ঘটনাত ২১ জন লোকৰ মৃত্যু হয়। দুখন দ্ৰুতবেগী ৰে'লৰ মাজত হোৱা এই সংঘৰ্ষৰ ফলত শতাধিক যাত্ৰী আহত হয়। ইপিনে কৰ্ডোবা প্ৰদেশৰ আদামুজৰ ওচৰত সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ বাবে মাদ্ৰিদ আৰু আন্দালুছিয়াৰ মাজত ৰে'ল সেৱা সাময়িকভাৱে স্থগিত ৰখা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/19/whatsapp-im-2026-01-19-08-39-55.jpeg)
দুৰ্ঘটনাটোৰ পাছতে স্পেইনৰ সামৰিক জৰুৰীকালীন গোট আৰু উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ অভিযান আৰম্ভ কৰে। মালাগা আৰু মাদ্ৰিদৰ মাজৰ সন্ধিয়া চৱা ৰে’লখন কৰ্ডোবাৰ ওচৰত লাইনচ্যুত হৈ পৰে। লাইনচ্যুত হোৱা ৰে'লখনে কাষৰ ট্ৰেকেৰে বিপৰীত দিশৰ পৰা আহি থকা আন এখন ৰে'লত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ইয়াৰ ফলত দ্বিতীয়খন ৰে'ল লাইনচ্যুত হৈ এটা দ খাৱৈত বাগৰি পৰে।প্ৰাপ্ত খবৰ মতে, দুয়োখন ৰে’লে প্ৰায় ৫০০ যাত্ৰী কঢ়িয়াই আনিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/19/whatsapp-image-2-2026-01-19-08-40-18.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us