/asomiyapratidin/media/media_files/2025/12/18/dsdsdsdsdsdsdsds-2025-12-18-09-26-52.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ যোৰহাট জিলা মটক মহিলা পৰিষদৰ আতিথ্যত তথা ককিলামুখ, এলেংমৰা আঞ্চলিক মটক মহিলা পৰিষদ আৰু বৃহত্তৰ ককিলামুখৰ ৰাইজৰ সহযোগত সদৌ অসম মটক মহিলা পৰিষদৰ বিংশতিতম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস এদিনীয়া কাৰ্যসূচীৰে ককিলামুখ নহটীয়া ৰংগমঞ্চত উদযাপন কৰা হয়।
এই উপলক্ষে পুৱা সদৌ অসম মটক মহিলা পৰিষদৰ পতাকা উত্তোলন কৰে সদৌ অসম মটক মহিলা পৰিষদৰ সভানেত্ৰী ৰূপালী গগৈ আৰু অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে গীতিমণি চেতিয়াই। আনহাতে ককিলামুখ নহটীয়া ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ স্মৃতি তৰ্পন কৰে সদৌ অসম মটক মহিলা পৰিষদৰ সম্পাদিকা পূৰৱী খনিকৰে। ৰূপালী গগৈৰ সভানেতৃত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে গীতিমণি চেতিয়াই আৰু উদ্বোধন কৰে সদৌ অসম মটক সন্মিলনৰ উপসভাপতি নবীন পাত্ৰই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/whatsapp-ima-2025-12-18-09-27-14.jpeg)
সভাৰ নিদিষ্ট বক্তা যোৰহাট জিলাৰ অধিবক্তা মনু বৰুৱাই সদৰী কৰে যে, আধুনিকতাৰ ধামখুমিয়াত অসমৰ বহু জনগোষ্ঠীৰ বৈশিষ্ট্যসমুহ ক্ৰমাৎ লোপ পাবলৈ ধৰিছে। এনে এক সন্ধিক্ষণত অসমৰ মটক-মৰাণ জনগোষ্ঠীয়ে নিজৰ অস্বিত্ব ৰক্ষাৰ আৰু কলা সংস্কৃতিৰ উত্তোৰণৰ এই সদৌ অসম মটক মহিলা পৰিষদ সংগঠনটোৰ জন্ম। ভাল কথা মটক জনগোষ্ঠীৰ উত্তৰণৰ বাবে মহিলাসকল আগবাঢ়ি আহিছে। মটক জনগোষ্ঠীৰ সাজপাৰ, লোকাচাৰ এতিয়া মূলসুঁতিৰ অসমীয়া সৈতে মিলি গৈছে। মটকসকলৰ মূল বাদ্য আছিল ঢোল । এই ঢোল এতিয়া অসমৰ অন্য জনগোষ্ঠীয়ে পৰিগ্ৰহণ কৰিছে। মটক জনগোষ্ঠীৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য আছে সেয়া হল নেতৃত্বত গুৰুত্ব প্ৰদান কৰা। অসমৰ গাঁওবুঢ়া প্ৰথাও মটকসকলৰ। কাৰণ মটকসকলে নেতৃত্বত প্ৰতি আনুগত্য আৰু সমাজৰ প্ৰতি আনুগত্য মানি চলে। গতিকে মটক জনগোষ্ঠীৰ অসমীয়া সমাজ আৰু জাতি গঠনলৈ উল্লেখযোগ্য অৱদান আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/whatsapp-image-2025-12-18-09-27-29.jpeg)
সভাত বিশিষ্ট অতিথি নবীন পাত্ৰ সদৌ অসম মটক সন্মিলনৰ উপসভাপতি, প্ৰাণদ্বীপ মহন, পৰিষদ, মটক স্বায়ত্ত পৰিষদ উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানত ৭খন জিলাৰ জিলা কমিটী আৰু আঞ্চলিক কমিটীৰ বিষয়ববীয়া আৰু সদস্যাসকল উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us