/asomiyapratidin/media/media_files/2025/11/27/fffff-2025-11-27-08-37-26.jpg)
ডিজিটেল ডেস্কঃ নতুন বছৰলৈ মাজত মাথোঁ এমাহ। এমাহৰ পাছতে আৰম্ভ হব নৱবৰ্ষ। এইবাৰৰ নতুন বছৰত কপাল ফুলিব বিশেষ তিনিটা ৰাশিৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি এই তিনিটা ৰাশিৰ জাতক-জাতিকা সকলৰ ২০২৬বৰ্ষত সুখ-শান্তিৰ লগতে ধন-সম্পত্তিৰে ভৰি পৰিব।
সেই ৩টা ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে মেষ। জীৱনত এক বৃহৎ উন্নতি আহিব। জীৱনটো আগৰ তুলনাত অধিক সুন্দৰ আৰু নিৰাপদ হ’ব। ডাঙৰ ডাঙৰ সমস্যাৰ পৰা আপুনি এতিয়া সকাহ পাব। আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল আৰু নিৰাপদ হ’ব। আত্মবিশ্বাস বাঢ়িব। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে।
দ্বিতীয়টো ৰাশি হৈছে- সিংহ। সিংহ ৰাশিৰ জাতক-জাতিকাৰ জীৱনটো অতি সুন্দৰ হৈ পৰিব। ঘৰ-গাড়ীকে ধৰি বিভিন্ন ক্ষেত্ৰত লাভ কৰিব সুখবৰ। জীৱনত লাভ কৰিব ইতিবাচক ফলাফল।
তৃতীয়টো ৰাশি হৈছে- তুলা। তুলা ৰাশিৰ জাতক-জাতিকাই ধন লাভ কৰিব। ২০২৬ চনটো তুলা ৰাশিৰ বাবে উন্নতিৰ বতৰ হ’ব। মুঠতে ২০২৬ চনত তুলা ৰাশিৰ লোকে লাভ কৰিব ভাল খবৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us