/asomiyapratidin/media/media_files/2025/09/04/yhtyyu-2025-09-04-22-32-14.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰঃ চাহ শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষা আৰু স্বচ্ছতাৰ দিশত আন এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক বিশেষ আঁচনিৰ অধীনত "ফ’ৰ-চিটাৰ ট্ৰেইলাৰ মাউণ্টেড টয়লেট" নামৰ ভ্ৰাম্যমান শৌচালয় সেৱা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে।
প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যজুৰি ২০০ খন চলন্ত শৌচালয় উদ্বোধন কৰা হৈছে। তাৰ ভিতৰত নগাঁও জিলাত চাহ শ্ৰমিকৰ সুবিধাৰ্থে ১০টা শৌচালয় আজিৰ দিনটোত মুকলি কৰা হয়। নগাঁও সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত আয়োজিত এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী।
তেওঁ আঁচনিৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক কৃতজ্ঞতা জনাই কয় যে, এই পদক্ষেপে মুকলি মলত্যাগ মুক্ত অসম গঢ়ি তুলাত সহায়ক হ’ব। লগতে স্বচ্ছতা আৰু জনস্বাস্থ্যৰ প্ৰতি চৰকাৰে যি গুৰুত্ব প্ৰদান কৰিছে, এই আঁচনি তাৰ এটা উজ্জ্বল উদাহৰণ বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।
এই ভ্ৰাম্যমান টয়লেটসমূহ ট্ৰেক্টৰৰ জড়িয়তে চাহপাত চিঙা এলেকালৈ লৈ যোৱা হ’ব আৰু শ্ৰমিকসকলে সেয়া ব্যৱহাৰ কৰিব পাৰিব। শুকুৰ বাৰৰ পৰাই এই সেৱা চাহ শ্ৰমিকৰ বাবে উপলব্ধ হ’ব।
এই অনুষ্ঠানত নগাঁও সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা গগন তালুকদাৰ, সহ কাৰ্যবাহী অভিযন্তা ৰূপজোতি বৰদলৈসহ বহু বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে, অসমৰ ২০০ বছৰীয়া চাহ শিল্পৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেধৰণৰ অত্যাধুনিক সুবিধাযুক্ত ভ্ৰাম্যমান শৌচালয় চাহ শ্ৰমিকৰ বাবে উপলব্ধ কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us