/asomiyapratidin/media/media_files/2025/11/19/270-2025-11-19-15-54-08.jpg)
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বাধীন মহাযুঁটি চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়ে কেবিনেট বৈঠক ত্যাগ কৰাৰ পিছতে মুখ খুলিছে শিৱসেনা (UBT)ৰ মুখপাত্ৰ আনন্দ ডুবেই। বুধবাৰে এক অনুষ্ঠানত মুখপাত্ৰ ডুবেই দাবী কৰে যে, শিন্দে নেতৃত্বাধীন গোটৰ একাংশ মন্ত্ৰী তথা প্ৰায় ২০জনৰো অধিক বিধায়ক আমাৰ সৈতে যোগাযোগত আছে।
ডুবেই লগতে কয় যে মন্ত্ৰীৰ অনুপস্থিতিয়ে শাসকীয় মিত্ৰজোঁটৰ ভিতৰত ক্ৰমাৎ বৃদ্ধি পোৱা অসন্তুষ্টি প্ৰতিফলিত কৰিছে। ‘এটা পুৰণি কথা আছে- বকুল গছ ৰুলে তাৰ পৰা আম আশা কৰিব নোৱাৰি।‘
তেওঁ আৰু কয়- একনাথ শিন্দেৰ সৈতে বিজেপিয়ে আমাৰ চৰকাৰখন উফৰাই পেলাবলৈ ষড়যন্ত্ৰ কৰিছিল। আৰু সেই ষড়যন্ত্ৰৰ প্ৰভাৱ কালিৰ কেবিনেটত দেখিবলৈ পোৱা গৈছিল। ১২গৰাকীৰো অধিক মন্ত্ৰীয়ে যেতিয়া ক্ষোভি হৈ ত্যাগ কৰিছিল বৈঠক।
আনহাতে পৌৰসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এই আভ্যন্তৰীণ বিভাজনে ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে। ডুবেইৰ মতে, একনাথ শিন্দেৰ একমাত্ৰ লক্ষ্য হৈছে দেৱেন্দ্ৰ ফাড়নৱীছক একাষৰীয়া কৰি মুখ্যমন্ত্ৰী হোৱা। কিন্তু সেয়া নহ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us