/asomiyapratidin/media/media_files/2025/10/17/gtytryrtrefew-2025-10-17-12-24-11.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত অসমৰ প্ৰতিটো বিধান সভা সমষ্টিত শুশ্ৰূষা সেতু নামেৰে মেগা স্বাস্থ্য শিৱিৰৰ আয়োজন কৰিছে স্বাস্থ্য বিভাগে। ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ কিশোৰী সকলৰ উপযুক্ত স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ বাবে এই শিৱিৰৰ আয়োজন কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে।
এই মেগা স্বাস্থ্য শিৱিৰৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্যে হৈছে ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰী সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্ততঃ সংশ্লিষ্ট ৰোগী সকলক উন্নত চিকিৎসাৰ বাবে অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে বহি:ৰাজ্যলৈ প্ৰেৰণ কৰা। সেই অনুসৰি বিশ্বনাথ জিলাৰ ভিতৰত প্ৰথমটো শুশ্ৰূষা সেতু মেগা স্বাস্থ্য শিৱিৰ যোৱা ১০ অক্টাবৰত গহপুৰ সমষ্টিভিত্তিক অনুষ্ঠিত হৈ যায়।
উল্লেখযোগ্য যে, এনেধৰণৰ প্ৰতিটো স্বাস্থ্য শিৱিৰ ৰূপায়নৰ বাবে ষ্টেট বাজেট ২০২৫-২৬ৰ অধীনত বিভিন্ন শিতানত বিশ লাখ টকা পূজি ধাৰ্য্য কৰা বুলি জানিব পৰা গৈছে। সেই অনুসৰি- স্বাস্থ্য শিৱিৰৰ সবিশেষ তথ্য উপলব্ধ থকা আদৰণি তোৰণ, ৰ'দ বৰষুণ নপৰা পেণ্ডেল, চাউণ্ড চিষ্টেম, জেনেৰেটৰ,কাউণ্টাৰ, চিকিৎসকৰ কক্ষ প্ৰস্তুতৰ বাবে পাঁচ লাখ টকা, যাতায়তৰ বাবদ পাঁচ লাখ টকা, যোগাযোগ, মেডিয়া এণ্ড পাব্লিচিটিৰ বাবে তিনি লাখ টকা, খাদ্য আৰু চাহ-মিঠাইৰ বাবদ তিনিলাখ টকা, ডাটা এণ্ট্ৰিৰ বাবে ৭৫ হাজাৰ টকা আৰু অন্যান্যৰ শিতানত ধৰা হৈছে এক লাখ টকা।
তদুপৰি ১৫ গৰাকী বিশেষজ্ঞ চিকিৎসকৰ বাবে গায়েপতি তিনি হাজাৰ টকা, ৩০ গৰাকী এম বি বি এছ ডেণ্টেল চাৰ্জন আৰু আয়ুৰ্বেদিক চিকিৎসকৰ বাবে গায়েপতি ১৫০০ টকা, ১০ গৰাকী কমিউনিটি হেল্থ অফিচাৰৰ বাবে গায়েপতি ৭০০ টকা, ৫ গৰাকী লেৱৰটৰী টেকনিচিয়ানৰ বাবে গায়েপতি ৭০০ টকা, ১০ গৰাকী ষ্টাফ আৰু এএন এমৰ বাবে গায়েপতি ৫০০ টকা, আশা আৰু আশা চুপাৰভাইজৰ সকলৰ বাবে গায়েপতি ৩০০ টকা আৰু ২০ গৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু চাফাই কৰ্মীৰ বাবে গায়েপতি ৫০০ টকাকৈ বাজেটত ধাৰ্য্য কৰি উক্ত স্বাস্থ্য শিৱিৰ ৰূপায়ন কৰা হৈছে।
পিছে, বাজেটত ধাৰ্য্য কৰা ধৰণে গহপুৰ বিধান সভা সমষ্টিৰ যোৱা ১০ অক্টাবৰৰ মেগা স্বাস্থ্য শিৱিৰৰ প্ৰতিটো শিতানত ধন খৰছ কৰা হৈছিল নে নাই তাকে লৈ এতিয়া সন্দিহান হৈ পৰিছে গহপুৰৰ সচেতন ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন। যোগাযোগ আৰু মেডিয়া এণ্ড পাব্লিচিটি শিতানত ধাৰ্য্য কৰা তিনিলাখ টকা ক'ত কেনেকৈ খৰছ কৰা হ'ল সেয়া হৈ পৰিছে লাখটকীয়া প্ৰশ্ন।
উক্ত স্বাস্থ্য শিৱিৰৰ বাবে যি ধৰণে বেনাৰ, পোষ্টাৰ আঁৰি প্ৰচাৰ চলাব লাগিছিল তেনে কৰা পৰিলক্ষিত নহ'ল।গহপুৰ বিধান সভা সমষ্টিৰ একাংশ পঞ্চায়তৰ বাদে সকলো পঞ্চায়ত সামৰি মাইক যোগে প্ৰচাৰ চলোৱা দেখা পোৱা নগ'ল। একাংশ পঞ্চায়তত গাঁও পঞ্চায়ত কৰ্তৃপক্ষই নিজেই প্ৰচাৰ চলোৱা বুলি জানিব পৰা গৈছে। আনহে নালাগে শিৱিৰটো শেষ হোৱাৰ পিছত তথ্য সহ আনুষ্ঠানিকভাৱে বাবে এটা প্ৰেছ বিবৃতি দিয়োৰো প্ৰয়োজন বোধ নকৰিলে গহপুৰ সমজিলা প্ৰশাসনৰ লগতে গহপুৰ স্বাস্থ্য বিভাগে।
সংবাদ মাধ্যমৰ গাত ভেজা দি আগমূহুৰ্তত শিৱিৰ আয়োজনৰ কথা ঠিকেই প্ৰচাৰ কৰিলে যদিও শিৱিৰটোৰ শেষত আনুষ্ঠানিকভাৱে এটা প্ৰেছ মিট বা বিবৃতি নাহিল কোনো এটা পক্ষৰ পৰা। তদুপৰি শিৱিৰটোত চিকিৎসা প্ৰদান কৰিবলৈ যোৱা বহু চিকিৎসক আৰু চিকিৎসা কৰ্মী খাদ্যক লৈয়ো অসন্তুষ্টি হোৱা বুলি জানিব পৰা গৈছে। গহপুৰ সম জিলাৰ এগৰাকী সহকাৰী আয়ুক্তৰ তত্বাৱধানত কেইবাটাও বিভাগৰ বিষয়া কৰ্মচাৰীৰ দ্বাৰা গঠিত এখন কমিটিক খাদ্য বিভাগৰ দায়িত্ব দিয়া হৈছিল। খাদ্য শিতানত ধাৰ্য্য কৰা হৈছিল তিনি লাখ টকা।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে প্ৰস্তুত কৰা বাজেট আৰু গাইডলাইন গহপুৰৰ স্বাস্থ্য শিৱিৰৰ ক্ষেত্ৰত কাগজে কলমে এশ শতাংশ সম্পূৰ্ণ কৰা দেখুৱালেও কিন্তু বাস্তৱ ক্ষেত্ৰত ই কিমান দূৰ কাৰ্য্যকৰী হৈছে সেয়া অতি বিচাৰ্য্যৰ বিষয়।অসমৰ প্ৰতিটো বিধান সভা সমষ্টিত অনুষ্ঠিতব্য ২০ লাখ টকীয়া শুশ্ৰূষা সেতু মেগা স্বাস্থ্য শিবিৰৰ প্ৰতিটো শিতানৰ ধনৰাশি যাতে সদ্ব্যৱহাৰ হয় তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈও মুখ্যমন্ত্রী আৰু স্বাস্থ্য মন্ত্রীক আহ্বান জনাইছে সচেতন ৰাইজে।
ইফালে, গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত সংলগ্ন গহপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ খণ্ড প্ৰাথমিক প্ৰৱন্ধক আৰু খণ্ড হিচাপ প্ৰৱন্ধক দুগৰাকীয়ে কাৰ্যত: স্বাস্থ্য বিভাগক প্ৰতিনিধিত্ব কৰি গহপুৰ জিলা প্ৰশাসনৰ সৈতে এই মেগা স্বাস্থ্য শিবিৰ ব্যৱস্থাপনা কৰিছিল বুলি নিৰ্ভৰযোগ্য সুত্ৰত প্ৰকাশ। একেদৰে উক্ত স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হোৱাৰ পিছত গহপুৰ পৌৰসভাৰ চাফাই কৰ্মীয়েহে উক্ত স্থান পৰিস্কাৰ পৰিছন্ন কৰি তোলে বুলি জানিব পৰা গৈছে।