গৌৰীপুৰত জব্দ চোৰাং ম'হ ভৰ্তি বাহনঃ আটক ২ সৰবৰাহকাৰী

এক গোপন খবৰৰ ভিক্তিত গৌৰীপুৰ আৰক্ষীয়ে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন চাৰিচকীয়া মালবাহী বাহনসহ পাঁচটা বহিঃ ৰাজ্যৰ ম'হ জব্দ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
FFERFDSA

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ গৌৰীপুৰত জব্দ কৰা হৈছে চোৰাং ম'হ ভৰ্তি বাহন। এক গোপন খবৰৰ ভিক্তিত গৌৰীপুৰ আৰক্ষীয়ে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন চাৰিচকীয়া মালবাহী বাহনসহ পাঁচটা বহিঃ ৰাজ্যৰ ম'হ জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা ম'হখিনি AS-17-C-5111 নম্বৰৰ মালবাহী চাৰিচকীয়া বাহনত ভৰ্তি কৰি নীতি বহিৰ্ভূত ভাবে ধুবুৰীলৈ সৰবৰাহ কৰিছিল। সেই সময়তে গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই ম'হসহ বাহনখন জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰা বুলি জানিব পৰা গৈছে।

CaptureB

এই সংক্ৰান্তত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে এই চক্ৰটোৰ লগত আৰু কোন কোন জড়িতহৈ আছে সেয়া পোহৰলৈ আনিব পৰিব নে নাই সেয়া সময়ত হব লক্ষণীয়।

গৌৰীপুৰ