/asomiyapratidin/media/media_files/2025/11/02/dyseyudgusdsjuds-2025-11-02-19-30-46.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ভুৱা চিকিৎসক। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে দুৱাৰবন্দ আৰু তাৰাপুৰৰ পৰা ভুৱা চিকিৎসক দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত ভুৱা চিকিৎসক দুজন চুপল ৰয় আৰু ইন্দ্ৰজিৎ ৰয় বুলি জানিব পৰা গৈছে।
চুপল ৰয়ে দুৱাৰবন্দ থানাধীন ৰোজকান্দি চাহ বাগিচাত লক্ষ্মী মেডিকেল হল নামৰ এখন ফাৰ্মাচী খুলি দীৰ্ঘদিন ধৰি চিকিৎসা প্ৰদান কৰি আহিছিল। নিজকে এজন চিকিৎসকৰ পৰিচয় দি চিকিৎসা কৰি থকা ভুৱা চিকিৎসক চুপল ৰয়ক আৰক্ষীয়ে ফাৰ্মাচীৰ পৰা হাতে লোটে গ্ৰেপ্তাৰ কৰে। ফাৰ্মাচী খনৰ পৰা প্ৰেচক্ৰিপচন সহ বহু নথিপত্ৰ ও জব্দ কৰে আৰক্ষীয়ে।
ইফালে, শিলচৰ তাৰাপুৰ ই এণ্ড ডি কলনিত অভিযান চলাই আৰক্ষীয়ে মা আয়ুৰ্বেদ নামৰ ফাৰ্মাচী খনৰ পৰা ভুৱা চিকিৎসক ইন্দ্ৰজিৎ ৰয়ক গ্ৰেপ্তাৰ কৰে। পশ্চিম বংগৰ জলপাইগুৰিৰ এইজন ইন্দ্ৰজিৎ ৰয়ে কিছুদিন ধৰি তাৰাপুৰত মা আয়ূৰ্বেদ নামৰ ফাৰ্মাচী খুলি চিকিৎসা প্ৰদান কৰি আহিছিল। আৰক্ষীয়ে ফাৰ্মাচী খনৰ পৰা কিছুমান ভুৱা নথিপত্ৰও জব্দ কৰে। এই দুজনৰ সৈতে আজিলৈকে মুঠ ১৭ গৰাকী ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শিলচৰ আৰক্ষী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us