/asomiyapratidin/media/media_files/2025/10/18/ujjjd-2025-10-18-09-53-03.jpg)
ডিজিটেল সংবাদ শিলচৰ: আৰক্ষীৰ চকুত ধুলি দি এইবাৰ মালগাড়ীৰ ডবাত কফ ছিৰাপ সৰবৰাহৰ নতুন কৌশল ড্ৰাগছ ব্যৱসায়ীৰ। ইয়াৰ পিছতো সফল নহ'ল ড্ৰাগছ ব্যৱসায়ীৰ উদ্দেশ্য। অৱশেষত ৰেল আৰক্ষী, আৰ পি এফ আৰু স্হানীয় আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হ'ল ৯০ হাজাৰ বটল নিচাজাতীয় কফ ছিৰাপ।
বুজণ পৰিমাণৰ এই কফ ছিৰাপ জব্দ হৈছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ জিৰনীয়া ষ্টেচনত। বাদালীৰ পৰা জিৰনীয়া অভিমুখী * দিল্লীৰ পৰা অহা UP জিৰনীয়া ফুড গ্ৰেইন্ট মালগাড়ী* খনৰ দুটা ডবাত আগৰতলা জি আৰু পি, আৰ পি এফ আৰু স্হানীয় আৰক্ষীয়ে তালাচী চলাই মুঠ ৬০০০ কাৰ্টুন এছকাফ কফ ছিৰাপৰ (ESCUF COUGH SYRUP) বটল জব্দ কৰে।
কাৰ্টুন কেইটাৰ পৰা মুঠ ৯০ হাজাৰ বটল কফ ছিৰাপ জব্দ কৰা হয়। আৰক্ষীৰ এক সুত্ৰৰ মতে, NR 30030010892 নম্বৰ ডবাটোত উদ্ধাৰ কৰা ৪৯২ টা কাৰ্টুনৰ পৰা ৭৩,৮০০ টা আৰু NR 31032457043 নম্বৰ ডবাত উদ্ধাৰ কৰা ১০৮ টা কাৰ্টুনৰ পৰা ১৬,২০০ টা সহ মুঠ ৯০ হাজাৰ কফ ছিৰাপৰ বটল জব্দ কৰা হয়।
জব্দ কৰা এই কফ ছিৰাপ খিনিৰ মুল্য প্ৰায় ১ কোটি ৭৮ লাখ ২০ হাজাৰ টকা। কোনে ক'ৰ পৰা এই বুজণ পৰিমাণৰ কফ ছিৰাপ খিনি ত্ৰিপুৰালৈ সৰবৰাহ কৰিছিল, তাৰ তদন্ত আৰম্ভ কৰিছে
আৰক্ষীয়ে