ভাল পায় জুবিন আৰু জুবিনৰ গান, গোৰেশ্বৰত ১৯ বছৰীয়া যুৱকে দিলে প্ৰাণ...

শুকুৰবাৰেও মাজুলীত অনুৰূপ ঘটনা সংঘটিত হৈছিল। মাজুলীৰ এজন যুৱকে জুবিন নাই ময়ো নাই বুলি নিজকে নিঃশেষ কৰাৰ অপচেষ্টা চলাইছিল। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গোৰেশ্বৰঃ   জুবিনৰ মৃত্যুত শোকহত হৈ নিজকে নিঃশেষ কৰি দিলে এজন যুৱকে। যুৱকজনৰ নাম আকাশ ডেকা। ১৯ বছৰীয়া যুৱকজনৰ ঘৰ গোৰেশ্বৰৰ হাৰিজোৰাত। এই খবৰে জুবিন গাৰ্গৰ মৃত্যুত ব্যৰ্থিত হোৱা অনুৰাগী সকলৰ মাজতো ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখযোগ্য যে, শুকুৰবাৰেও মাজুলীত অনুৰূপ ঘটনা সংঘটিত হৈছিল। মাজুলীৰ এজন যুৱকে জুবিন নাই ময়ো নাই বুলি নিজকে নিঃশেষ কৰাৰ অপচেষ্টা চলাইছিল। 

অৱশ্যে চিকিৎসালয়ত ভৰ্তি হৈ থকা অনুৰাগী জনৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি চিকিৎসকে প্ৰকাশ কৰিছে। জুবিনৰ নশ্বৰ দেহ অহাৰ পাছত যাতে কোনো অনুৰাগীয়ে আৱেগিক হৈ এই ধৰনৰ কাৰ্য নকৰে তাৰ বাবে বিভিন্ন পক্ষই আহ্বান জনাইছে। প্ৰিয় শিল্পীগৰাকীক সুশৃংখলিতভাৱে শেষ বিদায় জনাই তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শিত কৰিবলৈ আহ্বান জনাইছে  প্ৰশাসনে।

জুবিন গাৰ্গ