যুৱ ক্ৰিকেটাৰ কাৰ্তিক শৰ্মাক ১৪.২০ কোটি টকাত ক্ৰয় চেন্নাই ছুপাৰ কিংছৰ

মাত্ৰ ১৯ বছৰ বয়সতে যুৱ ক্ৰিকেটাৰগৰাকীক  ১৪.২০ কোটি টকাত ক্ৰয় কৰিছে চেন্নাই ছুপাৰ কিংছে।

author-image
Asomiya Pratidin
New Update
new ap web 2 (27)

 ডিজিটেল ডেস্কঃ আই পি এল ২০২৬ৰ মিনি নিলামত চৰ্চাৰ কেন্দ্ৰবিন্দু  হৈ পৰিছে ৰাজস্থানৰ যুৱ ক্ৰিকেটাৰ কাৰ্তিক শৰ্মা। মাত্ৰ ১৯ বছৰ বয়সতে যুৱ ক্ৰিকেটাৰগৰাকীক  ১৪.২০ কোটি টকাত ক্ৰয় কৰিছে চেন্নাই ছুপাৰ কিংছে। 

35c5da9d-9163-4bfe-8f49-6f97ea293ec4

উল্লেখ্য যে, আবুধাবিত অনুষ্ঠিত হোৱা আই পি এল ২০২৬ৰ  মিনি নিলামৰ আৰম্ভণিতে ছেট ১ ত অন্তৰ্ভুক্ত খেলুৱৈৰ নাম ঘোষণা কৰা হয়। অষ্ট্ৰেলিয়াৰ কেমেৰন গ্ৰীণকো ছেট ১ ত অন্তৰ্ভুক্ত হয় আৰু তেওঁৰ বেছ মূল্যতকৈ বহুগুণ বেছি মূল্য লাভ কৰে বুলি জানিব পৰা গৈছে।

dd123be9-597a-4a18-a2d4-e876738152e4

ইপিনে ২০২৪-২৫ ছিজনত কাৰ্তিক শৰ্মাই ৰঞ্জি ট্ৰফীত অভিষেক ঘটোৱাৰ লগতে উত্তৰাখণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত শতক অৰ্জন কৰে। কাৰ্তিক শৰ্মাই এই পৰ্যন্ত ১২খন খেল খেলিছে। এই সময়ছোৱাত তেওঁ ৩০.৩৬ গড়ে ৩৩৪ ৰান সংগ্ৰহ কৰিছে। 

যুৱ ক্ৰিকেটাৰ আই পি এল ২০২৬ৰ মিনি নিলাম