/asomiyapratidin/media/media_files/2025/10/17/new-ap-web-4-3-2025-10-17-11-35-10.jpg)
ডিজিটেল সংবাদ,বাক্সাঃ বাক্সা কাণ্ডত জড়িত ১৯ জনকৈ অভিযুক্তক চিনাক্ত কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত এখন দীঘলীয়া তালিকা প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে ১৯ জনৰ মাজৰ ৩ জন অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে।
আটকাধীন অভিযুক্ত কেইজন ক্ৰমে আহেলা মিঞা,ৰামিজ আলী আৰু নিকাচীৰ কাদেৰ আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানেও মুকলি আকাশৰ তলত আছে বাক্সা কাণ্ডৰ ১৬ জনকৈ অভিযুক্ত। তেওঁলোক ক্ৰমে- মাদুলিবাৰীৰ নুৰুল আলাম, মহিদুল ইছলাম ABMSU, মুস্তাফা আহমেদ ABMSU, দীঘলদঙাৰ চিবজন আলীৰ পুত্ৰ,দীঘলদঙাৰ শ্বহীদুল, মাদুলিবাৰীৰ আচিক, ডাঙৰচুবাৰ হামিদ আলী, দীঘলদঙাৰ আব্দুল আলী, আহোপাৰ ৰূপম আলী, দীঘলদঙাৰ চুলেমান আলী,গৰমদেউৰ হৰেকৃষ্ণ পাঠক, পশ্চিমচুবাৰ চম্পক নাথ,
কুৱেৰি চ'কৰ কুলেন ডেকা, বিকাশ ৰয় আৰু বিদু চেত্ৰী।
এই আটাইকেইজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। লক্ষ্যণীয় যে, বাক্সা কাণ্ডত স্থানীয় লোক জড়িত নহয় বুলি জিলাখনৰ স্থানীয় লোকে দাবী কৰিছে। আন ঠাইৰ পৰা অহা একাংশ যুৱকে উক্ত কাণ্ড সংঘটিত কৰাৰ অভিযোগ কৰিছে বাক্সাৰ স্থানীয় লোকে।
উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমানেও সমগ্ৰ জিলাখনত চেপা উত্তেজনাই বিৰাজ কৰি আছে। প্ৰশাসনে সদৰি কৰিছে যে, ১৫অক্টোবৰৰ ঘটনাত প্ৰায় ৩৫গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল। জিলা কাৰাগাৰৰত প্ৰৱেশ দ্বাৰত কেইবাতৰপীয়া সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে।