/asomiyapratidin/media/media_files/2025/11/06/140-2025-11-06-11-59-38.jpg)
ডিজিটেল সংবাদ, মানকাচৰ : মানকাচৰৰ সঞ্জয় সাধু বিএছএফ কেম্পত বৃহস্পতিবাৰে ১৮৩ নং বেটেলিয়ান বিএছএফৰ উদ্যোগত নাগৰিক সভা অনুষ্ঠিত হয়। ১৮৩ নং বেটেলিয়ান বিএছএফৰ কমাণ্ডেণ্ট প্ৰেম পাল সিং এই নাগৰিক সভাত উপস্থিত থাকি সীমান্তবৰ্তী ২৯৬ জন লোকক দৈনন্দিন ব্যৱহাৰৰ বাবে সামগ্ৰী বিতৰণ কৰে।
বিএছএফে ৩১ টা ডাষ্টবিন, ১০ টা চিলাই মেচিন, ১০ টা স্কুল ডেক্স-বেঞ্চ, ১৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুল বেগ আৰু ৭০ গৰাকী কৃষকক তিনি প্ৰকাৰৰ কৃষি সঁজুলি বিতৰণ কৰে। সীমান্তবৰ্তী লোকৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলি আন্তঃৰাষ্ট্ৰীয় সীমান্তত সকলো ধৰণৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ বিএছএফে প্ৰতি বছৰ বিভিন্ন বিএছএফ কেম্পত নাগৰিক সভা অনুষ্ঠিত কৰি বিভিন্ন সামগ্ৰী বিতৰণ কৰে।
উল্লেখযোগ্য যে, অহা ১০ নৱেম্বৰত দ্বীপচৰ বিএছএফ কেম্পত সীমান্তবৰ্তী লোকক লৈ বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us