কৃষকলৈ আৰ্থিক সুৰক্ষাঃ অসমৰ ১৮.১৮ লাখ কৃষকে পাব ২১তম কিস্তিৰ ধন

আজি অৰ্থাৎ ১৯ নবেম্বৰ, ২০২৫ তাৰিখে তামিলনাডুৰ কইম্বাটুৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিতাধিকাৰীৰ বেংক একাউণ্টত ২১তম কিস্তি প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-19 at 9.13.33 PM

ডিজিটেল ডেস্কঃ  কৃষি প্ৰধান ৰাজ্য ভাৰতৰ কৃষকসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে ২০১৯ চনত ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলক বছৰি তিনিটা কিস্তিত ২০০০ টকাকৈ ৬০০০ টকাৰ ৰাজসাহায্য প্ৰদান কৰা হয়।

WhatsApp Image 2025-11-19 at 6.48.16 PM (1)

খেতিৰ বাবে প্ৰয়োজনীয় বীজ, সাৰ তথা কীটনাশক দ্ৰব্য ক্ৰয় কৰাত কৃষকৰ যাতে সহায় হয়, সেই উদ্দেশ্যেই এই আচঁনি হাতত লোৱা হৈছিল। আজি অৰ্থাৎ ১৯ নবেম্বৰ, ২০২৫ তাৰিখে তামিলনাডুৰ কইম্বাটুৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিতাধিকাৰীৰ বেংক একাউণ্টত ২১তম কিস্তি প্ৰদান কৰে।

WhatsApp Image 2025-11-19 at 6.48.16 PM

আজি ২১তম কিস্তিৰ জৰিয়তে ৯ কোটিতকৈও অধিক হিতাধিকাৰীৰ বেংকৰ একাউণ্টত ধন জমা হয়। উল্লেখ্য যে যোৱা ২ আগষ্ট, ২০২৫ তাৰিখে ২০তম কিস্তিত সমগ্ৰ ভাৰতৰ প্ৰায় ৯ কোটি ৭০ লাখ হিতাধিকাৰীৰ বেংকলৈ ডিবিটি ৰ মাধ্যমেৰে প্ৰায় ২০,৫০০ কোটি প্ৰেৰণ কৰা হৈছিল। 

WhatsApp Image 2025-11-19 at 6.48.15 PM (1)

মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই আজি বোকাখাতৰ সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন মুকলি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত বৰা ডাঙৰীয়াই কৃষক ৰাইজৰ হিতাৰ্থে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰা এই আচঁনিৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰে।

WhatsApp Image 2025-11-19 at 6.48.15 PM

তেখেতে লগতে উল্লেখ কৰে যে এনেধৰণৰ অভিলাষী আঁচনিবোৰে যুৱ প্ৰজন্মকো কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত কৰিছে। কৃষি সঞ্চালকালয়ত কৃষি উৎপাদন আয়ুক্ত তথা সচিব অৰুণা ৰাজ'ৰিয়া আৰু সঞ্চালক ড° পি উদ‌য় প্ৰবীণে ভাৰ্চুৱেলী পোনপটীয়া সম্প্ৰচাৰত অংশগ্ৰহণ কৰে।

একেদৰেই অসমৰ প্ৰতিখন জিলাৰ প্ৰতিখন গাঁও পঞ্চায়তৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰসমূহত কৃষক ৰাইজৰ উপস্থিতিত পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। উল্লেখ্য যে এই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত ২১তম কিস্তিৰ জৰিয়তে অসমৰ প্ৰায় ১৮.১৮ লাখ কৃষকৰ বেংকত ২০০০ টকাকৈ জমা কৰা হয়।

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি কৃষক