/asomiyapratidin/media/media_files/2025/11/04/132-2025-11-04-13-34-21.jpg)
ডিজিটেল সংবাদ, নগাঁও : সোমবাৰে নগাঁৱৰ কঠীয়াতলীত নৱশিখা সংঘৰ মুকলি মঞ্চত মৃদংগ নৃত্যাংগণ বিদ্যালয়ৰ ১৭ সংখ্যক বাৰ্ষিক নৃত্যানুষ্ঠান অনুষ্ঠান অনুষ্ঠিত হয়। নৃত্যৰে সমৃদ্ধ ব্যতিক্ৰমী অনুষ্ঠানটোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া।
প্ৰধান সম্পাদকজনে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰি বহু তাত্বিক ভাষণ প্ৰদান কৰে। ইয়াৰ আগতে অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ নামত উছৰ্গিত অনুস্থানতটোত প্ৰয়াত শিল্পীজনলৈ অশ্ৰুশিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
অনুষ্ঠানটোত বিদ্যালয়খনৰ বিষাদৰ উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীসকলৰ মাজত মানপত্ৰ প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনায়। এই অনুষ্ঠানটোতে বিদ্যালয়খনৰ শিক্ষয়ত্ৰী তথা পৰিচালিকা ড০ নিজৰা ডেকা বৰাক ছাত্ৰ -ছাত্ৰীসকলৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জনায় ।
অনুষ্ঠানটোত বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীসকলে পৰিবেশন কৰা নৃত্যৰে সকলোকে আপ্লুত কৰে। উক্ত অনুষ্ঠানভাগ সুচাৰুৰূপে অনুষ্ঠিত হোৱা বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আয়োজক সমিতিয়ে।
অনুষ্ঠানটোৰ আঁত ধৰে নগাঁও বিশ্ববিদ্যালয়ৰ ডo সংগীতা বৰা আৰু মুক্তি কাম লস্কৰৰে। উক্ত অনুষ্ঠানত ছাত্ৰ -ছাত্ৰী, অভিভাৱক, শুভাকাংক্ষী আৰু আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us