১ জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'ব ষষ্ঠদশ বার্ষিক চানডুবি উৎসৱ

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক চানডুবি বিলৰ নগৰ বাকৰিত পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা উদ্যোগত উদযাপন কৰা হ'ব ষষ্ঠদশ বার্ষিক চানডুবি উৎসৱ। 

author-image
Asomiya Pratidin
New Update
dfdfdfdfdf

ডিজিটেল সংবাদ, মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক চানডুবি বিলৰ নগৰ বাকৰিত পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা উদ্যোগত উদযাপন কৰা হ'ব ষষ্ঠদশ বার্ষিক চানডুবি উৎসৱ। 

এই উপলক্ষে ১ জানুৱাৰীৰ পুৱা বজাত পতাকা উত্তোলন কৰিব চানডুবি উৎসব উদযাপন সমিতিৰ সভাপতি বিচিত্র ৰাভাই, চানডুবি উৎসৱ ২০২৬ ৰ মুকলি কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভাই, অতিথিশালা 'ডগৰ বুৰাৰ দ্বাৰ' মুকলি কৰিব পশ্চিম কামৰূপ বন সংমণ্ডলৰ বিষয়া সুবোধ তালুকদাৰে, প্রদর্শনস্থলী লাঙাবুৰাৰ দ্বাৰ মুকলি কৰিব বিশিষ্ট সমাজকর্মী মনোজ ৰাভাই। চান্দ সাদাগৰ সোঁৱৰণী মঞ্চ উদ্বোধন কৰিব বিশিষ্ট অভিনেত্রী আশা বৰদলৈয়ে, থলুৱা খেল-ধেমালি শুভাৰম্ভ কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পাৰিষদ অজিত ৰাভাই,থলুৱা খাদ্যমেলাৰ দ্বাৰ মুকলি কৰিব লোহাৰঘাট বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসে।

WhatsApp Image 2025-12-30 at 1.25.06 PM

ইফালে, বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰিব কুলশী বনাঞ্চলিক বিষয়া কংকণজ্যোতি কৌশিকে। যুৱ লেখকৰ বঁটা প্ৰাপক খনীন্দ্ৰ বৰ্ণীলৰ সম্পাদিত স্মৃতিগ্রন্থ 'লকেয়া' উন্মোচন কৰিব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক অনুপ কুমাৰ মেধিয়ে, লগতে অন্যান্য গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে সাংসদ বিজুলী কলিতা মেধি আৰু সন্মানীয় অতিথি হিচাপে বিধায়ক হেমাংগ ঠাকুৰীয়াই অংশগ্ৰহণ কৰিব।

ইয়াৰ পিছতে অনুষ্ঠিত কৰা হব সাংস্কৃতিক অনুষ্ঠান। ২ জানুৱাৰীত পুৱা সাংস্কৃতিক শোভাযাত্রা মুকলি কৰিব অসম ৰাজ্যিক চলচ্চিত্র উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। দিনৰ ২ বজাত সাংস্কৃতিক অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, 'আৰছু'ৰ সাধাৰণ সম্পাদক ডঃ সুভাষ ৰাভা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিমাংশু শেখৰ বৈশ্য,চিকিৎসক ডাঃ কমল কুমাৰ কাথাৰকে ধৰি কেইবা গৰাকী বিশিষ্ট লোক উপস্থিত থাকিব।

ইফালে, ৩ জানুৱাৰীত পুৱা খুঁটি খেল আৰু বাঘবুল খেল প্রতিযোগিতা অনুষ্ঠিত কৰা হব। ১১ বজাত 'জনজাতীয় গ্রাম্য সমাজত প্রচলিত ৰীতি-নীতি, পৰম্পৰা আৰু ইয়াৰ অলিখিত বৈজ্ঞানিক ভিত্তি' শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত কৰা হব। এই চক্ৰখনি সঞ্চালনা কৰিব লোক-সংস্কৃতিৰ গৱেষক ভূবিন ৰাভাই। এই আলোচনাচক্ৰত আলোচক হিচাপে বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ মলিনা দেৱী ৰাভা,দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ললিত ৰাভাই উপস্থিত থাকিব। বিয়লিলৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হব।

৪ জানুৱাৰীৰ পুৱা লেৱাটনা খেল প্রতিযোগিতাৰ পিছত ১০-৩০ বজাত অনুষ্ঠিত সম্বৰ্ধনা সভাত গ্রীন অস্কাৰ বঁটাপ্ৰাপ্ত জীৱবিজ্ঞানী ড. পূর্ণিমা দেবী বর্মন, আদি সাথি বঁটাপ্রাপক, আঞ্চলিক পঞ্চায়তৰ সদস্য জিতুল ৰাভাক সম্বৰ্দ্ধনা জনোৱা হ'ব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাভা হাছঙ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভা,সন্মানীয় অতিথি হিচাপে আৰছুৰ সভাপতি মতিলাল ৰাভা,নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা,ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভাকে ধৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকিব।

WhatsApp Image 2025-12-30 at 1.25.07 PM

৫ জানুৱাৰী অৰ্থাৎ সামৰণিৰ পুৱা ১০ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হব। ১১ বজাত বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী,সন্মানীয় অতিথি হিচাপে বিটিচিৰ এমচিএলএ ৰতন ৰাভা,নিখিল ৰাভা মহিলা পৰিষদ সাধাৰণ সম্পাদিকা কবিতা ৰাভা,কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ অশোক নংবাককে কেইবাজনো ৰাভা নেতা নেত্ৰী উপস্থিত থাকিব। এই পাঁচ দিনীয়া উৎসৱত ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগ কামনা কৰিছে উদযাপন সমিতিয়ে। ইতিমধ্যেই এইবেলিৰ চানডুবি উৎসৱৰ প্ৰস্তুতি তুংগত তুলিছে সমিতিয়ে।

উল্লেখযোগ্য যে, চানডুবি উৎসৱৰ লগতে এই ইংৰাজী নৱবৰ্ষৰ সময়ত চানডুবি, কুলশী, উকিয়াম, বাৰেগাঁও, ৰাণী খামাৰ, শুকুৰবেৰীয়া আদি ঠাইলৈ বনভোজকাৰী দল তথা দৰ্শনাৰ্থীৰ আগমণ ঘটিছে। এনে সময়তে মিৰ্জা চানডুবি পথ, উকিয়াম পথ, ৰাণী খামৰ পথ আৰু ৰাণী শুকুৰবেৰীয়া পথত একাংশ যানবাহনৰ দৌৰাত্ম্য বৃদ্ধি পায়। ফলত বছৰি এই সময়ত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ আহিছে। গতিকে এই দৌৰাত্ম্য প্ৰতি লক্ষ্য ৰাখি এই পথবোৰত আৰক্ষী প্ৰশাসনৰ নিয়মীয়া টহলৰ ব্যৱস্থা কৰিবলৈ সচেতন লোকে আহ্বান জনাইছে।

মিৰ্জা