/asomiyapratidin/media/media_files/2026/01/13/628-2026-01-13-10-17-59.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওঠৰ মাইলৰ অকাবস্তী বঙালী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ১৬ বছৰীয়া ছাত্ৰ বিগত ৯ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে অকাবস্তী বঙালী গাঁও খনৰ শান্তনু পাল (১৬)নামৰ দশম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে ৯ দিন পূৰ্ব্বে এদিন বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতি আহি পুনৰ দিনৰ ১ মান বজাত ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা বৰ্তমানলৈকে সন্ধানহীন হৈ আছে।
ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে কিশোৰটিৰ কোনো সম্ভেদ লাভ কৰা নাই ৷ দুৰ্ভগীয়া মাতৃয়ে জানিবলৈ দিয়া মতে তেওঁৰ পুত্ৰই এটা মোবাইল ফোন লগত নিয়াৰ উপৰিও নগদ ২৫০০( দুই হেজাৰ পাচশ ) টকাও লগত নিছিল ৷
যুৱকজন অসাধু চক্ৰৰ কৱলত পৰিব পাৰব বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোক সকলে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাত নিৰূদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে নিৰূদ্দিষ্টৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । কোনো সদাশয় লোকে যদি যুৱকজনৰ কোনো সম্ভেদ পায় তেনেহলে 8486871365,নম্বৰ ফোনৰ জৰিয়তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোক সকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us