/asomiyapratidin/media/media_files/2025/09/08/287-2025-09-08-11-38-51.jpg)
ডিজিটেল সংবাদ, শিলচৰ : কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰৰ টোলেনগ্ৰামত এখন চাৰিচকীয়া বাহনত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে বুজণ পৰিমাণৰ হেৰ'ইনখিনি।
পালেৰবন্দৰ পৰা ফুলেৰতললৰ দিশে গৈ থকা সময়ত হেৰ'ইন খিনি জব্দ কৰা হয়। এই সংক্ৰান্তত এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত লক্ষীপুৰ সম জিলাৰ আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱা আৰু লক্ষীপুৰ আৰক্ষীয়ে বাহনখনৰ গোপন চেম্বাৰৰৰ পৰা ২৫ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৩০০ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়।
জব্দ কৰা হেৰ'ইনখিনিৰ ক'লা বজাৰত মুল্য প্ৰায় ১.৬ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা কাছাৰৰ মাজেৰে সৰবৰাহৰ সময়ত জব্দ কৰা হয়।