/asomiyapratidin/media/media_files/2025/12/06/new-ap-web-3-20-2025-12-06-10-16-28.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ভাৰত আৰু ৰাছিয়াই প্ৰতিৰক্ষা, বাণিজ্য, অর্থনীতি, শিক্ষা, স্বাস্থ্যসেৱা, সংস্কৃতি আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ১৬ খন চুক্তিত স্বাক্ষৰ কৰে। ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ লক্ষ্যৰে এক অভিলাষী অৰ্থনৈতিক সহযোগিতা কাৰ্যসূচীত সহমতত উপনীত হয়। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত বিস্তৃত আলোচনাৰ অন্তত দুয়োখন দেশৰ প্ৰতিনিধিয়ে এই ঘোষণা কৰে।
নতুন দিল্লীত ২৩ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক শীর্ষ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে এখন যুটীয়া সংবাদমেলত কয় যে, ভাৰত-ৰাছিয়াৰ মিত্ৰতাই গোলকীয় প্রত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ অধিক শক্তি যোগাব আৰু এই আস্থাই দুয়োখন দেশৰ ভৱিষ্যত সম্পৰ্ক অধিক সুদৃঢ় কৰিব।
ভাৰত আৰু ৰাছিয়াই সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজখনত একেলগে থিয় দিছে বুলি উল্লেখ কৰি শ্ৰীমোডীয়ে কয়, যে মানৱতাৰ মূল্যবোধক সন্ত্রাসবাদে পোনপটীয়াকৈ নস্যাৎ কৰে বুলি ভাৰতে বিশ্বাস কৰে। তেওঁ লগতে গোলকীয় একতা সন্ত্রাসবাদৰ বিৰুদ্ধে বৃহৎ শক্তি বুলি উল্লেখ কৰে।
প্রধানমন্ত্রী মোডীয়ে কয়, যে দুয়োখন দেশে ইউৰেছিয়ান অর্থনৈতিক সংগঠনৰ সৈতে মুক্ত বাণিজ্য চুক্তি শীঘ্ৰেই সম্পন্ন কৰাৰ দিশত কাম কৰি আছে। ভাৰতে অতি সোনকালে ৰাছিয়াৰ নাগৰিকৰ বাবে ৩০ দিনীয়া বিনামূলীয়া ই-পর্যটক ভিছা আৰু ৩০ দিনীয়া গ্রুপ পর্যটক ভিছা মুকলি কৰিব বুলি প্রধানমন্ত্রীয়ে ঘোষণা কৰে।
তেওঁ কয়, দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্কই বহু ঐতিহাসিক মাইলৰ খুঁটি অতিক্রম কৰাৰ সময়ত ৰাষ্ট্ৰপতি পুটিনে ভাৰত ভ্ৰমণ কৰিছে। বিগত ১০ বছৰত বিশ্বই বহু উত্থান-পতন দেখিছে আৰু এই সকলোবোৰৰৰ মাজত ভাৰত-ৰাছিয়াৰ সম্পর্ক অধিক সফল হৈছে।
উল্লেখ কৰা পৰ্য়জোন যে, ২০৩০ ৰ ভিতৰত ভাৰত-ৰাছিয়াৰ মাজক দ্বিপাক্ষিক বাণিজ্য ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব বুলিও আশা প্ৰকাশ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে।
উল্লেখ্য যে, ২৩ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক শীর্ষ সন্মিলনৰ পাছত এটা যুটীয়া বিবৃতিত দুয়োখন দেশে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক আৰু বহুপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ দিশত নিজৰ প্ৰতিশ্রুতিবদ্ধতাক দোহাৰে।
ইয়াৰ ভিতৰত সন্ত্রাসবাদ, উগ্রবাদ, আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ, কলাধন বৈধকৰণ, সন্ত্রাসবাদীক পুঁজি যোগান, অবৈধ মাদক দ্রব্য সৰবৰাহ আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰত্যাহ্বানসমূহৰ সৈতে একেলগে মোকাবিলা কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়।
লক্ষ্যণীয় যে, সাৰ, খাদ্য সুৰক্ষা, স্বাস্থ্য, প্ৰব্ৰজন, আৰু সামুদ্ৰিক লজিষ্টিক আদি মূল ক্ষেত্ৰত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হয়। ৰাছিয়াই ভাৰতক নিৰৱচ্ছিন্ন ইন্ধন যোগানৰ আশ্বাস দিয়ে। আনহাতে ভাৰতীয় কোম্পানীসমূহে ৰাছিয়াত ইউৰিয়া প্লাণ্ট স্থাপনৰ বাবে ৰাছিয়াৰ URALCHEMৰ সৈতে চুক্তিবদ্ধ হয়।
ভাৰতৰ এফ এছ এছ এ আই আৰু ৰাছিয়াৰ গ্ৰাহক সুৰক্ষা সংস্থাৰ মাজত চুক্তি স্বাক্ষৰিত হয়। তাৰোপৰি, চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। সামুদ্ৰিক লজিষ্টিক খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বাবে ভাৰত আৰু ৰাছিয়াই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।
দুয়োখন দেশে ইজনে সিজনৰ মাজত প্ৰব্ৰজন আৰু চলাচলৰ সুবিধাৰ বাবে চুক্তি স্বাক্ষৰ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us