গুৱাহাটীৰ মাছখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত 'চিলা নৈ' জীৱন নদী চিলা মহোৎসৱ

বিভিন্ন আকৃতিৰ, ভিন্ন ৰঙৰ চিলা দেখা গৈছে লাচিত ঘাটৰ সমীপত । যিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-26 at 4.21.45 PM

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ  আকাশত দেখা গৈছে ব্যতিক্ৰমী দৃশ্য । বিভিন্ন আকৃতিৰ, ভিন্ন ৰঙৰ চিলা দেখা গৈছে লাচিত ঘাটৰ সমীপত । যিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।আকাশত উৰিছে আমেৰিকা, থাইলেণ্ড, ভিয়েটনাম আদি দেশৰ চিলা ।

WhatsApp Image 2026-01-26 at 4.18.57 PM

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিলাবিদসকলে গুৱাহাটীৰ আকাশত উৰুৱাইছে চিলাসমূহ । পিছে এয়া হৈছে ব্ৰহ্মপুত্ৰৰ পাৰত আয়োজিত জীৱন চিলা নৈ উৎসৱৰ দৃশ্য।

WhatsApp Image 2026-01-26 at 4.18.45 PM

উল্লেখ্য যে, গুৱাহাটীৰ মাছখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰত ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে 'চিলা নৈ' জীৱন নদী চিলা মহোৎসৱ। ২৩ ৰ পৰা ২৭ জানুৱাৰীলৈ মাছখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰত আয়োজন কৰা হৈছে ১৫ সংখ্যক জীৱন চিলা নৈ উৎসৱৰ।

WhatsApp Image 2026-01-26 at 4.18.48 PM

য'ত চিলাবিদসকলে উৰুৱাইছে বিভিন্ন বিদেশী চিলা। আমেৰিকা, ভেয়েটনামকে ধৰি বহুকেইখন দেশৰ পৰা অহা প্ৰতিনিধিয়ে উৰুৱাইছে চিলা। বিভিন্ন প্ৰতিযোগিতা, খেল ধেমালি তথা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। এই চিলা মহোৎসৱ চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক সকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। 

WhatsApp Image 2026-01-26 at 4.18.54 PM

গুৱাহাটী