/asomiyapratidin/media/media_files/2025/11/25/new-ap-web-4-2025-11-25-17-38-19.jpg)
ডিজিটেল সংবাদ, চিৰাং : ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশ অনুযায়ী চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে বাসুগাঁও চহৰত ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষ্যে "একতা পদযাত্ৰা" (ইউনিটি মাৰ্চ) ৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় । বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত একতা যাত্ৰাৰ মঙ্গলবাৰ ৰাতিপুৱা ৭ বজাত প্ৰথম কাৰ্য্যসূচী হিচাপে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিকৃতিত মাল্যৰ্পন কৰে অতিৰিক্ত আয়ুক্ত অৰূপ কুমাৰ চৌধুৰীয়ে।
বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট সমাজকৰ্মী তথা জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, সাংবাদিক জয়ন্ত দেবনাথ, বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিনয় সাহাই। তাৰ পিছত বাসুগাঁও অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোকে অংশগ্ৰহণ কৰা "একতাৰ পদযাত্ৰা"ৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত অৰূপ কুমাৰ চৌধুৰীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/whatsapp-ima-2025-11-25-17-38-38.jpeg)
বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ কৰা আজিৰ এই একতাৰ পদযাত্ৰা বাসুগাঁও চহৰ পৰিভ্ৰমণ কৰি বন্দে মাতৰম, ভাৰত মাতা কী জয় আদি শ্লোগান দিয়া পৰিলক্ষিত হয়। আজিৰ এক পদযাত্ৰাত অংশগ্ৰহণ কৰি চিৰাং জিলা আয়ুক্ত যতীন বৰাই ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/whatsapp-image-2025-11-2025-11-25-17-38-58.jpeg)
যাত্ৰা কৰা ঠাইতে আহি পদযাত্ৰাৰ অন্ত পেলোৱাৰ পিছত ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীত পৰিবেশন কৰে । বিহু, বাগৰুম্বা, কুষান আৰু আধুনিক নৃত্য পৰিৱেশন কৰে । সমবেত সকলৰ আগত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত যতীন বৰাই কয় যে এই একতা পদযাত্ৰাৰ মূল উদ্দেশ্য হ'ল দেশত ঐক্য, অখণ্ডতা, ভাতৃত্ববোধৰ মনোভাৱ শক্তিশালী কৰা আৰু ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শ আৰু দেশপ্ৰেমমূলক দৃষ্টিভংগী আগবঢ়াই নিয়া।আজিৰ এই একতা যাত্ৰাৰ অনুষ্ঠান সঞ্চালনা কৰে চিৰাঙৰ মাই ভাৰত কেন্দ্ৰৰ উপ সঞ্চালক আতোৱাৰ ৰহমানে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us