মানকাচৰত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে একতাৰ পদযাত্ৰা...

লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী দক্ষিণ শালমাৰা মানকাচৰ জিলাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
203

ডিজিটেল সংবাদ, মানকাচৰ : লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী দক্ষিণ শালমাৰা মানকাচৰ জিলাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। মহান স্বাধীনতা সংগ্ৰামী, অখণ্ড ভাৰত গঢ়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে জিলাখনত এক বিশাল ‘একতাৰ পদযাত্ৰা’ৰ আয়োজন কৰা হয়।

পুৱা ১১ বজাত মানকাচৰ অশোকা অষ্টমী মেলা ময়দানৰ পৰা আৰম্ভ কৰি চহৰৰ মানকাচৰ মুল পথ হৈ জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত সমাপ্ত হয়৷ এই একতাৰ পদযাত্ৰাত জিলা আযুক্ত ৰাহুল কুমাৰ গুপ্তা,  জিলা জ্যেষ্ঠ আৰক্ষী অক্ষ সিংহৰাম মিলি, প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ লগতে বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু তিনি শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে ।  লক্ষণীয় যে, জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত উপস্থিত হৈ এখন সভা আয়োজন কৰা হয়।

এই সভাত প্ৰথমে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ লগতে বৃক্ষ ৰুপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। 

চৰ্দাৰ বল্লভভাই পেটেল