/asomiyapratidin/media/media_files/2025/09/24/cfsdffdsfss-2025-09-24-13-24-47.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ ৰাজ্য শোকত ডুবি থকাৰ সময়তে বটদ্ৰৱাত সংঘটিত হৈছে ভয়ংকৰ চুৰিকাণ্ড। ধিং বিদ্যুত উপসংমণ্ডল অন্তৰ্গত বটদ্ৰৱা নিয়ন্ত্ৰণ কক্ষৰ পৰা বুজন পৰিমাণৰ কণ্ডাক্টৰ(এলুমিনিয়াম তাঁৰ) চুৰি হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/24/capturgrgrt-2025-09-24-13-26-35.jpg)
উদ্বেগজনক ভাবে যোৱা ২২ ছেপ্টেম্বৰৰ সোমবাৰ আৰু মঙলবাৰে নিশা দুদিনীয়াকৈ হোৱা এই ধাৰাবাহিক চুৰিকাণ্ডত প্ৰায় ১৫ লাখ টকাৰ এলুমিনিয়াম তাঁৰ লৈ উধাও হয় চোৰ। বটদ্ৰৱা আৰক্ষী থানাৰ পৰা ৫০০ মিটাৰ নিলগত বটদ্ৰৱাৰ শান্তিজান বজাৰত থকা নিয়ন্ত্ৰণ কক্ষত হোৱা এই চুৰিকাণ্ডৰ ঘটনাৰ বাবে চিন্তিত হৈ পৰিছে ৰাইজ। শীঘ্ৰে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us