পৰ্বতঝোৰাত অচিন ৰোগত আক্ৰান্ত হৈ পশুধনৰ মৃত্যু...

পৰ্বতঝোৰাৰ বগৰিবাৰী পশু চিকিৎসালয়ৰ অন্তৰ্গত আলুপাৰা Green Valley ফাৰ্মত একে নিশাই ১৫টাকৈ উন্নত জাতৰ পশুধনৰ মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ পৰ্বতঝোৰাৰ বগৰিবাৰী পশু চিকিৎসালয়ৰ অন্তৰ্গত আলুপাৰা Green Valley ফাৰ্মত একে নিশাই ১৫টাকৈ উন্নত জাতৰ পশুধনৰ মৃত্যু  হয়। এই পশুধনৰ মৃত্যু হোৱাত মূৰে কপালে হাত দিব লগা হৈছে ফাৰ্মখনৰ স্বত্বাধিকাৰীয়ে। ফাৰ্মাখনৰ স্বত্বাধিকাৰীগৰাকীয়ে জানিবলৈ দিয়া মতে- উক্ত অঞ্চলটোৰ পৰা মাত্ৰ ১.৫ কিলোমিটাৰ দূৰত চৰকাৰী পশু চিকিৎসালয়খন আছে যদিও পশুপালন বিভাগৰ পৰা ইতিবাচক সঁহাৰি নাপাই এতিয়া পোহনীয়া ছাগলীবোৰ চকুৰ সন্মুখতে মৃত্যু হোৱা দেখি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

এই বিপর্যয়ৰ সম্মুখীন হোৱা কৃষক তথা পশুপালক জনে বিটিচি চৰকাৰ ওচৰত পশু চিকিৎসক কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।আনকি দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বিভিন্ন ঠাইত গৰু,ছাগলী চিকিৎসাৰ অভাৱত মৃত্যুৰ হোৱাৰ অভিযোগো উত্থাপন  হৈছে পশু চিকিৎসক কৰ্মচাৰিৰ বিৰুদ্ধে।

পৰ্বতঝোৰা