/asomiyapratidin/media/media_files/2025/09/17/silchar-17-2025-09-17-23-25-17.jpg)
ডিজিটেল সংবাদ শিলচৰঃ শিলচৰত পুনৰ নিচাজাতীয় সামগ্ৰী জব্দ। শিলচৰ চহৰৰ কাঠাল বাইপাছৰ ওচৰৰ কাঠালবস্তিত অভিযান চলাই আৰক্ষীয়ে ৪০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰে।
জব্দ কৰা টেবলেটখিনিৰ আনুমানিক মূল্য প্ৰায় ১২ কোটি টকা। নিচাজাতীয় সামগ্ৰীৰ সৈতে জড়িত এজন ব্যক্তিকো আটক কৰিছে আৰক্ষীয়ে। এই বুজণ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা বিষয়টো সামাজিক মাধ্যমত আপলোড কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাছাৰ আৰক্ষীক ধন্যবাদ জনাইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/17/silchar-2025-09-17-23-25-48.jpeg)
মণিপুৰত জব্দ প্ৰায় ১৫ কোটিৰ য়াবা টেবলেট
চুবুৰীয়া ৰাজ্য মণিপুৰত বুজণ পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰা হৈছে। বি এছ এফ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত এখন বাহনৰ পৰা জব্দ কৰা হয় এই নিচাজাতীয় টেবলেটখিনি।
টেংনৌপাল জিলাৰ এম চি পি এলেকাত এখন ইকো বাহনত তালাচী চলাই আৰক্ষী আৰু বি এছ এফে ১ লাখ য়াবা টেবলেট জব্দ কৰে। জব্দ কৰা টেবলেটখিনিৰ আনুমানিক মূল্য প্ৰায় ১৫ কোটি টকা বুলি সদৰি কৰিছে বি এছ এফে।
টেবলেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাহনখনৰ চালক জনক গ্ৰেপ্তাৰ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/17/manipur-2025-09-17-23-26-18.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us