/asomiyapratidin/media/media_files/2025/12/04/399-2025-12-04-20-47-17.jpg)
ডিজিটেল সংবাদ, তামাৰহাট : কোচ- ৰাজবংশী সাহিত্য সভা আৰু কোচ- ৰাজবংশী লেখিকা সভাৰ যৌথ উদ্যোগত বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমস্থিত কোচ -ৰাজবংশী সাহিত্য সভাৰ মুখ্য কাৰ্যালয় গিৰিজা ভূষণ ৰায় ভৱন প্ৰাংগনত কমতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ চতুৰ্দশ বাৰ্ষিক স্মৃতিচাৰণ সভা উদযাপন কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱা কোচ- ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড° দ্বিজেন্দ্ৰ নাথ ভকতে সাহিত্য সভাৰ পতাকা উত্তলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত কামতাৰত্ন ছহিদ অম্বিকাচৰণ চৌধুৰীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কোচ -ৰাজবংশী লেখিকা সভাৰ সভানেত্ৰী নিবেদিতা ৰায়ে ।
ইয়াৰ পিছত হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু সাহিত্য সভাৰ কাৰ্যলয় চৌহদত নাহৰ গছৰ পুলি ৰোপণ কৰা হয় । দুপৰীয়া বিশিষ্ট সাহিত্যিক লাৱণ্য ভকতৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনত কবিসকলে স্ব-ৰচিত ৰাজবংশী ভাষাৰ কবিতা পাঠ কৰে ।
দিনৰ দুই বজাৰ পৰা কোচ -ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড০ দ্বিজেন্দ্ৰ নাথ ভকতৰ সভাপতিত্বত অনুষ্ঠিত হয় স্মৃতিচাৰণ আৰু মুকলি সভা । স্মৃতিচাৰণ সভাত সাহিত্যিক, বুৰঞ্জীবিদ প্ৰয়াত কামতাৰত্ন ছহিদ অম্বিকাচৰণ চৌধুৰীক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে চৌধুৰীৰ কৰ্মৰাজিৰ ওপৰত ভাষণ প্ৰদান কৰে ক্ৰমে আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়, বি টি চিৰ নৱ নিযুক্ত সদস্য কৰ্মেশ্বৰ ৰায়, কোকৰাঝাৰ জিলাৰ ডি পি অ' জাহাংগীৰ হোছেইন আৰু কোচ ৰাজবংশী সাহিত্য সভাৰ সম্পাদক পিনাকী ৰায়ে ।
ইয়াৰ উপৰি সভাত উপস্থিত থাকে বিশিষ্ট গায়ক প্ৰবীৰ সৰকাৰ, কমতাপুৰ সায়ত্ব শাসিত পৰিষদৰ পাৰিষদ অমৰেন্দ্ৰ নাৰায়ণ বৰ্মন, কোচ -ৰাজবংশী লেখিকা সভাৰ সভানেত্ৰী নিবেদিতা ৰায় আৰু সাধাৰণ সম্পাদিকা সৌদা ৰায়, ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক জ্যোতিষ বৰণ ৰায়, কোচ ৰাজবংশী সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ৰঘুনাথ চৌধুৰী, সাহিত্যিক সাৱুচৰণ ৰায় । উল্লেখ্য যে উক্ত স্মৃতিচাৰণ সভাত "কামতাৰ আলোক" নামৰ স্মৃতিগ্ৰন্থ যৌথভাৱে উন্মোচন কৰে কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড° দ্বিজেন্দ্ৰ নাথ ভকত আৰু আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাথ ৰায়ে ।
ইয়াৰ উপৰি সভাত গুৰুফেলা, পাটানী, গছা, নৱৰত্ন, মনেৰ আৰালেৰ কয়টা কথা, বগৰী তল, সতীনেৰ সংসাৰ, কোচ ৰাজবংশী ভাষা সাহিত্যেৰ অলংকাৰ ছিল্লক আৰু সাত বেষমা নামৰ ৯খন গ্ৰন্থ উন্মেচন কৰা হয় । স্মৃতিচাৰণ সভাত কোচ ৰাজবংশী সাহিত্য সভা আৰু কোচ ৰাজবংশী লেখিকা সভাৰ সকলো বিষয়-ববীয়া, সদ্স্য-সদস্যা আৰু জিলা সমিতি সমুহৰ সভাপতি-সম্পাদক সকলৰ লগতে জনগোষ্ঠীটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । মন কৰিবলগীয়া যে উক্ত অনুষ্ঠান খনৰ আঁত ধৰে কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us