/asomiyapratidin/media/media_files/2025/08/10/fff-2025-08-10-21-10-56.jpg)
ডিজিটেল ডেস্কঃ পুৰণিকলীয়া কিছু প্ৰযুক্তিৰ ব্যৱহাৰ আৰু নতুনক আদৰি নোলোৱাৰ বাবেই এতিয়াও বিশ্বৰ বহু উন্নত দেশৰ ৰেলৱেৰ সৈতে ফেৰ মাৰিব নোৱাৰে বুলি ভাৰতীয় ৰেলৱেৰ এক বদনাম আছে। কিন্তু শেহতীয়াকৈ এই বদনাম আঁতৰ কৰাত বহুখিনি সফল হৈছে মোডী চৰকাৰ।
শেহতীয়া ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সদনত সদৰি কৰে যে, বন্দে ভাৰতৰ অধীনত এতিয়া দেশত ১৪৪খনকৈ উন্নত আৰু দ্ৰুত বেগত চলি পৰা ৰেলে সেৱা আগবঢ়াই আছে। ২০২৫ চনৰ ৭ আগষ্টলৈকে ভাৰতীয় ৰে’লৱে(আই আৰ)ৰ ব্ৰড গজ (বিজি) বৈদ্যুতিক নেটৱৰ্কত ১৪৪খন বন্দে ভাৰত ৰে’ল সেৱা কাৰ্যক্ষম হৈ আছে।
উল্লেখ কৰা প্ৰয়োজন যে, বন্দে ভাৰত সেৱা হৈছে ভাৰতীয় ৰে’লৱেই যাত্ৰীসকলক উন্নত ভ্ৰমণ অভিজ্ঞতা আৰু উন্নত সুৰক্ষা প্ৰদানৰ বাবে বিকশিত কৰা অৰ্ধ-উচ্চবেগী ৰে’ল। এই ৰেলসমূহৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ৰেলৰ সংঘৰ্ষৰ পৰা সুৰক্ষা ব্যৱস্থা, সম্পূৰ্ণৰূপে বন্ধ কৰা গেংৱে, অটোমেটিক প্লাগ দুৱাৰ, উন্নত ৰাইড কম্ফৰ্টৰ দৰে সুবিধা।
মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে, জুন মাহলৈকে ২৫ আৰু ২৬ বিত্তীয় বৰ্ষত ৩.৯ কোটিৰো অধিক যাত্ৰীয়ে ভাণ্ডে ভাৰত ৰে’লত যাত্ৰা কৰিছে। তেওঁ কয় যে ২০২৪-২৫ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত (২০২৫ চনৰ জুন মাহলৈকে) বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লযোগে যাত্ৰা কৰা মুঠ যাত্ৰীৰ সংখ্যা ক্ৰমে প্ৰায় ৩ কোটি আৰু ০.৯৩ কোটি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us