বৈভৱ সূৰ্যবংশীলৈ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান

দেশৰ কিশোৰ ক্ৰিকেট চাঞ্চল্য বৈভৱ সূৰ্যবংশী এতিয়া সমগ্ৰ ক্ৰিকেট বিশ্বত এতিয়া এক চৰ্চিত নাম। নিজৰ প্ৰতিভাৰে ক্ৰীড়াজগতত নিত্য নতুন কৃতিত্ব অৰ্জনেৰে বৈভৱে ইতিমধ্যেই ক্ৰিকেট জগতত খলকনি তুলিছে। 

author-image
Asomiya Pratidin
New Update
web vaibhav

ডিজিটেল ডেস্কঃ বৈভৱ সূৰ্যবংশীলৈ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান। কিশোৰ তাৰকাগৰাকীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে। প্ৰতি বছৰৰ দৰে এইবাৰো দেশৰ বিভিন্ন প্ৰান্তৰ কিশোৰ-কিশোৰী তথা শিশুক ভিন্ন ক্ষেত্ৰত দেখুওৱা কৃতিত্বৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। দেশৰ কিশোৰ ক্ৰিকেট চাঞ্চল্য বৈভৱ সূৰ্যবংশী এতিয়া সমগ্ৰ ক্ৰিকেট বিশ্বত এতিয়া এক চৰ্চিত নাম। নিজৰ প্ৰতিভাৰে ক্ৰীড়াজগতত নিত্য নতুন কৃতিত্ব অৰ্জনেৰে বৈভৱে ইতিমধ্যেই ক্ৰিকেট জগতত খলকনি তুলিছে। 

WhatsApp Image 2025-12-26 at 4.06.23 PM

উল্লেখ্য যে, মাত্ৰ ১৪ বছৰ বয়সতে বৈভৱে গঢ়িছে অসংখ্য অভিলেখ। খেলপথাৰত এনে উল্লেখনীয় সফলতাৰ সুবাদত এতিয়া ভাৰত চৰকাৰৰ স্বীকৃতি লাভ কৰিছে বৈভৱ সূৰ্যবংশীয়ে। ইপিনে  বৈভৱ সূৰ্যবংশীৰ জ্যেষ্ঠ ভাতৃ উজ্জ্বল সূৰ্যবংশীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে যে- এয়া আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আমাৰ দেশৰ ৰাষ্ট্ৰপতিয়ে বৈভৱক শিশু বঁটাৰে সন্মানিত কৰে। বৈভৱক ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশংসা কৰাও পৰিলক্ষিত হয়। 

WhatsApp Image 2025-12-26 at 4.04.55 PM

বৈভৱ সূৰ্যবংশী