/asomiyapratidin/media/media_files/2026/01/10/1-2026-01-10-09-45-17.jpg)
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ ছিৰম'ৰ জিলাৰ হৰিপুৰধাৰৰ সমীপত শুকুৰবাৰে এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। ৬৬ জন যাত্ৰী কঢ়িয়াই নিয়া এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাৰ ফলত অন্ততঃ ১৪ জন লোকৰ কৰুণ মৃত্যু ঘটে। এই ঘটনাত ৩৫ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, বাছখন ছলানৰ পৰা হৰিপুৰধাৰ অভিমুখে গৈ আছিল। যাত্ৰাপথত হৰিপুৰধাৰৰ ওচৰত চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই বাছখন দ খাৱৈত খহি পৰে। দুৰ্ঘটনাৰ শব্দ শুনি লগে লগে স্থানীয় ৰাইজ উদ্ধাৰৰ বাবে দৌৰি আহে। পাছত জিলা প্ৰশাসন আৰু উদ্ধাৰকাৰী দলো ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।
ইফালে ঘটনাৰ খবৰ লাভ কৰি হিমাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীমুকেশ অগ্নিহোত্ৰীয়ে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "আহতসকলক ইতিমধ্যে নিকটৱৰ্তী কেইবাখনো হাস্পতালত ভৰ্তি কৰোৱা হৈছে। প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান সম্পূৰ্ণ দ্ৰুতগতিৰে চলাই আছে। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল, তাৰ প্ৰকৃত কাৰণ জানিবলৈ উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে।"
উল্লেখযোগ্য, প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে আহতসকলৰ মাজত কেইবাজনৰো অৱস্থা সংকটজনক, যাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। স্থানীয় চিকিৎসালয়সমূহত জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us