ঘিলামৰা আৰক্ষীৰ অভিযানত ১৩.৫ কিলোগ্ৰাম নিচাযুক্ত দ্ৰব্য উদ্ধাৰ

ঘিলামৰা আৰক্ষীৰ এটা দলে শুকুৰবাৰে নিশা অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে প্ৰায় ১৩ কিলোগ্ৰাম ৫৯৯ গ্রাম নিষিদ্ধ গাঞ্জা

author-image
Asomiya Pratidin
New Update
125

ডিজিটেল সংবাদ, ঢকুৱাখনা : মহাশিৱৰাত্রিলৈ এটা মাত্ৰ দিন বাকী থকা সময়তে নিষিদ্ধ গাঞ্জাৰ এক গোপন বেহা উৎখাত কৰিবলৈ সক্ষম হৈছে ঘিলামৰা আৰক্ষী।  ঘিলামৰা আৰক্ষীৰ এটা দলে শুকুৰবাৰে নিশা অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে প্ৰায় ১৩ কিলোগ্ৰাম ৫৯৯ গ্রাম নিষিদ্ধ গাঞ্জা ।

শুক্ৰবাৰে নিশা ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ দলেয়ে বিশেষ সূত্ৰে লাভ কৰিছিল এটা গৃহত নিষিদ্ধ গাঞ্জা মজুত ৰখাৰ খবৰ। ঘিলামৰা থানাৰ অন্তৰ্গত ধেনুখণা হিলৈদাৰী গাঁওৰ কৃষ্ণ গগৈৰ ঘৰত মজুত ৰখা মাৰাত্মক নিচাযুক্ত সামগ্ৰী উদ্ধাৰৰ বাবে নিশা ১১-৪৫ বজাত ভাৰপ্ৰাপ্ত বিষয়া দলেৰ নেতৃত্বত, উপ পৰিদৰ্শক নীলাক্ষী বৰা আৰু প্ৰবাল জ্যোতি কলিতাৰ সহযোগিতাত  এটা আৰক্ষীৰ দল উপস্থিত হয় ।

WhatsApp Image 2026-02-14 at 9.00.28 AM

মাজনিশা আৰক্ষীৰ দল ভাং মজুতকাৰীজনৰ ঘৰৰ পদূলিত  উপস্থিত হোৱাৰ উমান পাই  চতুৰ অভিযুক্ত গগৈ পলাই যাবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত  আৰক্ষী দলটোৱে পলাতক অভিযুক্তক আটক কৰিবলৈ চেষ্টা কৰিও সক্ষম নহ'ল।

পাছত স্থানীয় ৰাইজ ,গাঁওৰক্ষী বাহিনীৰ সহযোগিতা আৰু সাক্ষাতত ঘৰটোত তালাচী চলাই তিনিটা পলিথিনৰ বেগত ভৰাই লুকুৱাই ৰখা অৱস্থাত মুঠ ১৩ কিলোগ্ৰাম ৫৯৯ গ্রাম ভাং জব্দ কৰিবলৈ সক্ষম হয় । ঘিলামৰা আৰক্ষীয়ে পলাতক গগৈৰ পত্নী আৰু আত্মীয়ক শীঘ্ৰে অভিযুক্ত কৃষ্ণ গগৈক ঘিলামৰা থানাত উপস্থিত হৈ আৰক্ষীৰ তদন্তত সহযোগিতা কৰাৰ নিৰ্দেশ দিছে।
ঘিলামৰা থানাত এই সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰা হৈছে।

অসম আৰক্ষী আৰক্ষী