ৰাজ্যৰ ১৩ গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্রীয় গৃহমন্ত্রীৰ দক্ষতা পদক

অনুসন্ধান শাখাত উপ-আৰক্ষী অধীক্ষক ফুলকৰ নাৰ্জাবী, মাধুৰীমা দাস, তদানীন্তন মহকুমা আৰক্ষী বিষয়া প্রকাশ সোণোৱাল আৰু উপ-পৰিদৰ্শক উমেশ বৰাই গৃহমন্ত্ৰীৰ দক্ষতা পদক লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ   অসম আৰক্ষীৰ আইন-শৃংখলা বিভাগৰ আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, আৰক্ষী মহাপৰিদর্শক পাৰ্থ সাৰথি মহন্তকে ধৰি ৰাজ্যৰ ১৩ গৰাকী আৰক্ষী বিষয়াই কেন্দ্রীয় গৃহমন্ত্রীৰ দক্ষতা পদক লাভ কৰিছে।

অনুসন্ধান শাখাত উপ-আৰক্ষী অধীক্ষক ফুলকৰ নাৰ্জাৰী, মাধুৰীমা দাস, তদানীন্তন মহকুমা আৰক্ষী বিষয়া প্রকাশ সোণোৱাল আৰু উপ-পৰিদৰ্শক উমেশ বৰাই গৃহমন্ত্ৰীৰ দক্ষতা পদক লাভ কৰিছে।

একেদৰে বিশেষ অভিযান শাখাত তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেণ্ড, আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যেন্দ্র সিং হাজাৰী, পৰিদর্শক সবোজ দলে, শংকবজ্যোতি নাথ, কপিল পাঠক আৰু বিক্রম বসুমতাৰীলৈ গৃহমন্ত্রীৰ দক্ষতা পদক আগবঢ়োৱা হৈছে।

 জেহাদিৰ বিৰুদ্ধে চলোৱা অভিযান আৰু অনুসন্ধানত লাভ কৰা সফলতাৰ বাবে এই আৰক্ষী বিষয়াসকললৈ গৃহমন্ত্রীৰ দক্ষতা পদক আগবঢ়োৱা হৈছে।

ইপিনে মণিপুৰৰ আইন-শৃংখলা বৰক্ষাৰ ক্ষেত্ৰত সমন্বয় ৰক্ষা কৰাৰ বাবে চুবুৰীয়া ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্রধান গৰাকীয়ে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, বিশেষ আৰক্ষী উপ-মহাপৰিদর্শক অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ চৰণদ্বীপ সিং, একাদশ আৰক্ষী বেটেলিয়নৰ অধিনায়ক টাবুৰাম পেণ্ড, লাচিত বৰফুকন পুলিচ একাডেমীৰ অধিনায়ক আব্দুল কাদীৰ আদিফ, ছামাদ হুছেইন, গৌৰৱ কুমাৰ আগৰৱাল, পাপৰি চেতিয়া আৰু কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তালৈ প্রশংসা চিহ্ন আগবঢ়াইছে।

পাৰ্থ সাৰথি মহন্ত