/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/29bbe8d4-4ee8-42e8-a32c-738dfdc4d489/5.jpg)
ডিজিটেল ডেস্কঃ ওমানৰ উপকূলীয় অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সাগৰীয় পথেৰে তেল পৰিবহন কৰা এখন জাহাজ ডুব যোৱাৰ ফলত সন্ধানহীন হৈছে জাহাজখনৰ ১৬জন কৰ্মচাকৰী।
উল্লেখযোগ্য যে 'প্ৰেষ্টিজ ফেলকন' নামৰ জাহাজখন ডুব গৈ সন্ধানহীন হোৱা ১৬জনৰ ভিতৰত ১৩গৰাকী কৰ্মচাৰীয়ে ভাৰতীয় বুলি জানিব পৰা গৈছে। বাকী ৩গৰাকী শ্ৰীলংকাৰ বুলি জানিব পৰা গৈছে।
ওমানৰ সামুদ্ৰিক সুৰক্ষা কেন্দ্ৰই সোমবাৰে সংঘটিত হোৱা ঘটনাটোৰ জাহাজখন ডুকমৰ ৱিলায়াত ৰাছ মাদ্ৰাকাহৰ পৰা ২৫ মাইল দক্ষিণ-পূবত ডুবিছে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। সন্ধানহীন কৰ্মচাৰীসকলৰ বৰ্তমান সময়লৈকে কোনো সন্ধান লাভ কৰা হোৱা নাই বুলি অভিযানকাৰী দলটোৱে সদৰী কৰিছে ৷
উল্লেখ্য যে, জাহাজখন ইয়েমেনী বন্দৰ চহৰ এডেন অভিমুখে যাত্ৰা কৰি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হৈছে৷ জানিব পৰামতে জাহাজখনে ডুবাইৰ হামৰিয়া বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ৷