দিল্লীৰ বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ১৩জনলৈ বৃদ্ধি...

দিল্লী বোমা বিস্ফোৰণত নিহত লোকৰ সংখ্যা ১৩গৰাকীলৈ বৃদ্ধি। হস্পাতাল কৰ্তৃপক্ষই সদৰি কৰিছে এই তথ্য। ইফালে ২০ৰো অধিক আহতৰ অৱস্থা বৰ্তমানো অতিকৈ সংকটজনক।

author-image
Asomiya Pratidin
New Update
UJJJDD

ডিজিটেল ডেস্কঃ দিল্লী বোমা বিস্ফোৰণত নিহত লোকৰ সংখ্যা ১৩গৰাকীলৈ বৃদ্ধি। হস্পাতাল কৰ্তৃপক্ষই সদৰি কৰিছে এই তথ্য। ইফালে ২০ৰো অধিক আহতৰ অৱস্থা বৰ্তমানো অতিকৈ সংকটজনক।

প্ৰাপ্ত খবৰ অনুসৰি, এখন আই-২০ বাহনত আছিল এই বিস্ফোৰকখিনি। সন্ধিয়া প্ৰায় ৬.৫২বজাত উক্তস্থানত ৰৈছিলহি বাহনখন। তাৰ প্ৰায় ৩মিনিটৰ পাছতে সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। উক্ত বাহনখন হাৰিয়ানাৰ আছিল বুলি সদৰি কৰিছে আৰক্ষীয়ে।

বাহনখনত ৪গৰাকী লোককো প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে। ইফালে এই ঘটনাৰ পাছতে দিল্লীৰ সীমান্তৱৰ্তী সকলো ৰাজ্যত জাৰি কৰা হৈছে হাইএৰ্লাট।  ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে আহ্বান কৰিছে বহুকেইখন বৈঠকৰ।

দিল্লী