অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাবৰ্তন সম্পন্ন

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ দ্বাদশ সংখ্যক সমাৱৰ্তন অনুষ্ঠান সম্পন্ন হৈ যায়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।

author-image
Asomiya Pratidin
New Update
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাবৰ্তন সম্পন্ন

ডিজিটেল ডেস্কঃ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ দ্বাদশ সংখ্যক সমাৱৰ্তন অনুষ্ঠান সম্পন্ন হৈ যায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানত ডি লিট, পি এইছ ডি আৰু স্নাতকোত্তৰ, স্নাতক ডিগ্ৰীসমূহ প্ৰদান কৰা হয়। 

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ নৰেন্দ্ৰ নাথ দত্ত আৰু উপাচাৰ্য প্ৰফেচাৰ নীলিমা চন্দ্ৰ তালুকদাৰ ৰাজ্যপালগৰাকীৰ অনুষ্ঠানলৈ উষ্ম আদৰণি জনায়। তাৰ পিছতেই তেওঁ বিশ্ববিদ্যালয়ৰ চৌহদত বৃক্ষ ৰোপণ কৰে। 

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাবৰ্তন সম্পন্ন

শৈক্ষিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা এই অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত আৰু অসম সংগীত পৰিবেশন কৰা হয়। তাৰ পিছতেই ৰাজ্যপালগৰাকীয়ে সমাৱৰ্তন অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানতে বিশ্ববিদ্যালয়খনৰ পৰিবৰ্তনশীল যাত্ৰাৰ ওপৰত কৰ্তৃপক্ষই আলোকপাত কৰে। উপাচাৰ্যৰ প্ৰতিবেদনত যোৱা শৈক্ষিক বৰ্ষৰ বিশ্ববিদ্যালয়ৰ শিক্ষা, গৱেষণা, উদ্ভাৱণ আৰু সহযোগিতাৰ ক্ষেত্ৰৰ সফলতাসমূহৰ বিষয়ে উল্লেখ কৰে। 

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাবৰ্তন সম্পন্ন

এই সমাবৰ্তনতে পদ্মশ্ৰী তথা দিল্লীৰ এইমছৰ প্ৰাক্তন সঞ্চালক, বিলাসপুৰ এইমছৰ বৰ্তমানৰ সঞ্চালক ৰণদীপ গুলেৰীয়া, শ্ৰী শ্ৰী আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামীক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সন্মানীয় ডি.লিট উপাধি প্ৰদান কৰে। তাৰোপৰি পি এইছ ডি, স্নাতকোত্তৰ, স্নাতক পৰ্যায়ৰ শৈক্ষিক যাত্ৰা সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলকো এই অনুষ্ঠানতে তেওঁলোকৰ ডিগ্ৰীসমূহ প্ৰদান কৰা হয়।  

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাবৰ্তন সম্পন্ন

অনুষ্ঠানত ফাৰ্মাচিউটিকেল ছায়েন্স অনুষদৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ পুনম কুমাৰী শ্ৰেষ্ঠ স্নাতক কৃষ্ণ কুমাৰ ভাৰতী, বাণিজ্য আৰু ব্যৱস্থাপনা অনুষদৰ শ্ৰেষ্ঠ প্লেচমেণ্ট অৰ্জনতাৰী নফিচা ৰহমান চৌধুৰী, এলমনাই এৱাৰ্ড ফৰ ইন্সপাইৰিং এচিভমেণ্টৰ বাবে লেইমাপোকপাম ৰঞ্জিতা দেৱীক সন্মানিত কৰা হয়। 

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাবৰ্তন সম্পন্ন

ৰাজ্যপালে লক্ষ্মণ প্ৰসাদ আচাৰ্যই সমাৱৰ্তনত উপস্থিত সকলোকে সম্বোধন কৰি স্নাতকসকলক অভিনন্দন জনায় আৰু তেওঁলোকৰ সাফল্যৰ প্ৰশংসা কৰে। তেওঁ সমাজ আৰু ৰাষ্ট্ৰৰ উন্নত ভৱিষ্যৎ গঢ়াৰ বাবে তেওঁলোকৰ জ্ঞান আৰু দক্ষতা প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰে। তেওঁ দ্ৰুত পৰিৱৰ্তনশীল বিশ্ব পৰিস্থিতিত স্থিতিস্থাপকতা, সহানুভূতি আৰু উদ্ভাৱনৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাবৰ্তন সম্পন্ন

অসম ডাউন টাইউ বিশ্ববিদ্যালয়